অসম

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত শুকুৰবাৰৰ দিনৰ ভাগত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই পৰিদৰ্শন কৰি কাঁইটীয়া তাঁৰৰ বেৰ বানপানীয়ে উটুৱাই নিয়া স্থানৰ লগতে বানৰ কবলত পৰা কেবাটাও বি এছ এফ কেম্প পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা আসামেৰ আলগা ভাৰত-বাংলাদেশ সীমান্তত যোৱা পাঁচ দিন পূৰ্বে বানৰ পানীয়ে বাংলাদেশৰ ফালৰ পৰা ঢল আহি কাঁইটীয়া বেৰ সহ সীমান্ত পথ উটুৱাই নিয়ে। ইয়াৰ পাছতেই অঞ্চলটোত আতংকময় পৰিবিশেৰ সৃষ্টি হয়।

আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ এইদৰে উটুৱাই নিয়াত সীমান্তত নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। ইতিমধ্যে যোৱা চাৰিদিন পূৰ্বে জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী ফণী ভূষণ চৌধুৰী সীমান্তৰ উক্ত ভঙা স্থানত আহি পৰিদৰ্শন কৰি সোনকালে পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আৰু ইয়াৰ পাছতেই শুকুৰবাৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই পৰিস্থিতিৰ বুজ লবলৈ আহে।

দিনৰ প্ৰায় ১১ বজাত আৰক্ষী বিষয়াগৰাকীয়ে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী অধীক্ষক, বি এছ এফৰ একাংশ শীৰ্ষ বিষয়াৰ লগত সীমান্তৰ সেই কাঁইটীয়া তাঁৰৰ বেৰ উটুৱাই নিয়াৰ স্থান পৰিদৰ্শন কৰে। ইতিমধ্যে প্ৰায় ১৭০ মিটাৰ কাঁইটীয়া তাৰৰ বেৰ আৰু সীমান্ত পথ খন বাংলাদেশৰ ফালৰ পৰা অহা বানপানীয়ে উটুৱাই নিয়ে।

ইফালে অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে কাঁইটীয়া তাঁৰৰ বেৰৰ পৰিৱেশ বুজ লোৱাৰ উপৰিও বানৰ কবলত পৰা বি এছ এফ কেম্প সমূহৰ ভিতৰত আসামেৰ আলগা, দ্বীপচৰ বি এছ এফ কেম্পলৈ গৈ সুৰক্ষা বাহিনীৰ লোকসকলৰ পৰিস্থিতিৰ সম্পৰ্কে বুজ লয়।

মন কৰিবলগীয়া যে, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অৰ্ধ শতাধিক বি এছ এফ কেম্প বৰ্তমান দিনটোলৈ বানৰ কবলত পৰি থকা পৰিলক্ষিত হৈছে। ফলত সুৰক্ষা বাহিনীৰ জোৱান সকলে অতি কষ্টৰে সীমান্তত বিভিন্ন নাওঁ আদিৰে পহৰাৰ ব্যৱস্থা কৰিছে।