অসম

৫০০ টকা উৎকোচ লোৱা আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জি পি সিঙৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  খাকী পোছাকত কলংক সানিছে ঘোচখোৰ আৰক্ষীয়ে। অভিযোগ অনুসৰি গোচৰ লোৱাৰ নামত উৎকোচ ল’লে আৰক্ষী বিষয়াই।

গোপন কেমেৰাত বন্দী আৰক্ষী বিষয়া তৰুণ চন্দ্ৰ বড়োৰ উৎকোচ লোৱা ভিডিঅ'।গোচৰ দিবলৈ অহালোকক বড়োই বিচাৰিছে ১০০০ টকা। দিছে ৫০০ টকা। ঠিক হ'ল যে. তৰুণ বড়োৱে বিছৰা ৫০০ টকা পিছত দিব গোচৰ দিবলৈ অহা ব্যক্তিয়ে।

দীৰ্ঘদিনে এনেদৰেই খাকী পোচাক পিন্ধি থানা চৌহদত বজাৰ মেলিছিল বড়োৱে। কিন্তু আৰক্ষীৰ কু কৰ্ম গোপন কেমেৰাত বন্দী কৰিলে গোচৰ তৰিবলৈ অহা ব্যক্তিয়ে।

অভিযোগ অনুসৰি কেৱল তৰুণ চন্দ্ৰ বড়োৱেই নহয় নকল টকা আৰু নকল সোণৰ বিৰুদ্ধে মাত মতা হাচিনা বেগমক মুখ বন্ধ ৰাখিবলৈ ভাবুকি উচ্চ প্ৰদস্থ আৰক্ষী বিষয়াৰ।

মহিলা গৰাকীৰ অভিযোগ লখিমপুৰ জিলাত দীৰ্ঘদিনৰ পৰা চলি অহা নকল সোণ নকল টকাৰ ব্যৱসায়িৰ লগত সু সম্পৰ্ক গঢ়ি অসাধু ব্যৱসায়িক উৎসাহ যোগাই আহিছে IC তৰুণ চন্দ্ৰ বড়োৰ লগতে লখিমপুৰ জিলাৰ একাংশ উচ্চ প্ৰদস্থ আৰক্ষীয়ে।

 তৰুণ চন্দ্র বড়োৰ বিৰুদ্ধে আছে আৰু বহু অভিযোগ। তৰুণ চন্দ্র বড়োক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ। এই নিৰ্দেশ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ। সমগ্র বিষয়ৰ তদন্ত ঘোষণা আৰক্ষী সঞ্চালকপ্রধানৰ।