অসম

৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত অংশ লৈ অসমলৈ ঘূৰি অহা বহু লোকে এতিয়াও লুকাই আছে। স্বাস্থ্য কেন্দ্ৰ বা হেল্পলাইন নম্বৰসমূহত ফোন কৰি তেওঁলোকে নিজকৰ স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱাৰ পাছতো শতাধিক লোকে মনা নাই সেই আহ্বান।

ইফালে, সোমবাৰে অসম আৰক্ষীয়ে এক প্ৰেছ বিবৃতিযোগে যিসকল লোক নিজামুদ্দিন মাৰ্কাজৰ পৰা অসমলৈ ঘূৰি আহিছে তেওঁলোকৰ প্ৰতি জনাইছে শেষ আহ্বান। বিবৃতিত উল্লেখ কৰা হৈছে যে, নিজামুদ্দিনৰ পৰা ঘূৰি অহা সকলে শীঘ্ৰে কাষৰ চিকিৎসালয় বা আন স্বাস্থ্য কেন্দ্ৰসমূহত ৭ এপ্ৰিল, ২০২০ৰ পুৱা ৬ বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব।

তেওঁলোকৰ সমীপত যদি কোনো স্বাস্থ্য কেন্দ্ৰ বা চিকিৎসালয় নাই তেন্তে তেওঁলোকে ১০৪ নম্বৰত ফোন কৰিব পাৰেও বুলিও জনাই এই বিবৃতিখনত। ইফালে, অসম আৰক্ষীৰ এই প্ৰেছ বিবৃতিত উল্লেখ কৰা হৈছে যে, নিজামুদ্দিনৰ পৰা ৰাজ্যলৈ ঘূৰি অহা লোকসকলে যদি ৭ এপ্ৰিলৰ পুৱা ৬ বজালৈ এই আহ্বানৰ প্ৰতি সঁহাৰি নজনাই অথবা লুকাই থাকে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু ডিজাষ্টাৰ মেনেজমেন্ট এক্ট ২০০৫ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে যিসকল লোকে ইতিমধ্যে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশ লৈ ৰাজ্যলৈ ঘূৰি আহি চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰসমূহত অৱগত কৰিছে তেওঁলোকক অসম আৰক্ষীয়ে ধন্যবাদ জনায়।