অসম

মুফতি খাইৰুল ইছলামৰ শেষকৃত্যত সহস্ৰাধিক লোকৰ সমাগমঃ বৰ্তমানলৈ গ্ৰেপ্তাৰ ২২জন…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউনৰ সকলো নীতি-নিয়ম বিসৰ্জন দি উত্তৰ পূব ভাৰতৰ আমীৰে শ্বৰীয়ত তথা সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ সভাপতি মুফতি খাইৰুল ইছলামৰ শেষকৃত্য অনুষ্ঠানত অংশ লোৱা ২২গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নগাওঁ আৰক্ষীয়ে। টুইটাৰযোগে এই তথ্য ৰাজহুৱা কৰি নগাওঁ আৰক্ষীয়ে এই বিষয়ক লৈ ক্ষীপ্ৰ তদন্ত অব্যাহত থকাৰ কথাও জনায়।

উল্লেখ্য যে, কোৰোনা এনে সংকটৰ মাজতে যোৱা বৃহস্পতিবাৰে নগাঁৱৰ দঁগাৱত মুফতি খাইৰুল ইছলামৰ শেষকৃত্য অনুষ্ঠানত কেইবা সহস্ৰাধিক লোক সমাগম হৈছিল। আনকি কেইবাগৰাকী জনপ্ৰতিনিধিয়েও এই সমাগমত অংশ লোৱাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। ভয়ংকৰ এই ঘটনাক লৈ যোৱা ৩জুন তাৰিখে দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল। লগতে কাষৰীয়া ৩খন গাঁৱত আগন্তুক ৭দিনৰ বাবে সৰ্বাত্মক লকডাউন প্ৰযোজ্য কৰিছে প্ৰশাসনে।