অসম

ভাল খবৰঃ আৰু ৫ মাহৰ বাবে ৮০ কোটি দৰিদ্ৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া ৰেচন…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোঁজনাৰ অধীনত দেশৰ ৮০ কোটি দৰিদ্ৰ পৰিয়ালৰ লোকে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ শেষলৈকে লাভ কৰিব বিনামূলীয়া ৰেচন। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱত সমৰ্থন দি জনাই যে দেশৰ এই দৰিদ্ৰ পৰিয়ালৰ লোকসকলক আৰু ৫ মাহৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব পিএমজিকেএ যোঁজনাৰ অধীনত।

উল্লেখ্য যে, কোভিডৰ দ্বিতীয় ঢৌৱে দেশবাসীক আৰ্থিক ভাৱে কোঙা কৰাৰ সময়তে এই যোঁজনাৰ দ্বাৰা দুমাহৰ বাবে অৰ্থাৎ জুনলৈকে বিনামূলীয়া ৰেচন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু দেশত চলি থকা কোৰোনা সৃষ্টি পৰিৱেশ তথা কোভিডৰ আহিবলগীয়া তৃতীয় ঢৌৰ প্ৰতি দৃষ্টি ৰাখি দিপাৱলীলৈকে ৰেচন যোগান ধৰাৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকীয়ে সদস্যয়ে প্ৰতিটো মাহৰ বাবে ৫ কেজিনকৈ ৰেচন প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোঁজনাৰ অধীনত লাভ কৰিব। ৮১.৩৫ কোটি লোকে নেশ্যনেল ফুড ছিকিউৰিটী এক্টৰ অধীনত লাভ কৰিব এই সুবিধা।

চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি অহা ৫ মাহৰ বাবে ৰেচন যোগান ধৰিলে আনুমানিক ৬৪,০৩১ কোটি টকা খাদ্য ৰাজসাহায্য হিচাপে ৰখা হ'ব। যিহেতু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহৰ চৰকাৰৰ পৰা কোনো ধন এই আঁচনিৰ বাবে গ্ৰহণ কৰা নাই সেয়ে ৰাজ্য চৰকাৰে পৰিবহন, পৰিচালনা আৰু ৰেচন দোকানৰ ব্যৱসায়ীসকলৰ মাৰ্জিন আদিৰ বাবে প্ৰায় ৩২৩৪.৮৫ কোটি টকা ব্যয় কৰিব লাগিব।