অসম

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত কিয় কেক নাকাটিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে সমগ্ৰ দেশতেই বিজেপিয়ে পালন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ সংখ্যক জন্মদিন। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰী মোডীৰ জন্মদিনত নাকাটিলে কেক। লগতে তেওঁ মুখ্যমন্ত্ৰী সোণোৱালকো কেক কাটিবলৈ ওলোৱাত বাধা প্ৰদান কৰিলে।

দৰাচলতে, প্ৰধানমন্ত্ৰী মোডীৰ ৬৯ সংখ্যক জন্মদিনত কাটিবলৈ লোৱা কেকটোত বনোৱাহৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। আৰু সেয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেক কটাটো অনুচিত বুলি ভাবিলে।  

তিনিচুকীয়াত বিজেপি কৰ্মীসকলে অতি উৎসাহেৰে লৈ আহিছিল কেকটো। কিন্তু যেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেকটোত প্ৰধানমন্ত্ৰী মোডীৰ ফটো দেখিলে তেতিয়া তেওঁ কেকটো কটাত অমান্তি হ'ল। আৰু কয়- আমি এই কেকটো কাটিব নোৱাৰো। কেকটোত প্ৰধানমন্ত্ৰীৰ ফটো আছে।

লগতে তেওঁ কয় যে- 'আমি প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনত কেক কটাৰ কথা ভাবিছিলো।কিন্তু যিজন লোকে কেকটো বনাইছে, তেওঁ প্ৰধানমন্ত্ৰীক বহুত ভাল পাই বাবেই কেকটোততেওঁৰ ফটো বনাই দিলে। আমি এইটো কেক কাটিব নোৱাৰো। কাৰণ কেকটো কাটিলে আমাৰ সকলোৰে প্ৰিয়প্ৰধানমন্ত্ৰীগৰাকীৰো ফটো কটা যাব।'