অসম

অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ৬খন ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত সোমবাৰে বুজ লয়। ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্রধানমন্ত্ৰী মোডী এক গুৰুত্বপূৰ্ণ বৈঠকত বহে। অসম বিহাৰ, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অনলাইনযোগে বান পৰিস্থিতি সন্দৰ্ভত কৰা হয় আলোচনা।

ৰাজ্য কেইখনত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছে আৰু কিমান ক্ষয়ক্ষতি হৈছে এই বানপানীৰ ফলত সেই সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে সোমবাৰে আলোচনা কৰে মুখ্যমন্ত্ৰী কেইগৰাকীৰ সৈতে।