অসম

প্ৰধানমন্ত্ৰীৰ মোডীৰ জন্মদিনৰ উপলক্ষে ধেমাজি জিলা বিজেপিৰ দ্বাৰা বৃদ্ধাশ্ৰম-চিকিৎসালয়ত ফলমূল বিতৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ধেমাজি জিলা বিজেপিয়ে জিলাখনত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে৷ সোমবাৰে বিজেপি ধেমাজি মহিলা মৰ্চাৰ উদ্যোগত জিলাখনৰ বৃদ্ধাশ্ৰম, শিশুৰ আশ্ৰয় গৃহ আৰু চিকিৎসালয়ত ফলমূল বিতৰণ কৰে৷ ধেমাজি নগৰস্হিত বৃদ্ধাশ্ৰম জেষ্ঠ কুঞ্জত থকা আবাসী আইতা-ককাহঁতক জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, মহিলা মৰ্চাৰ সভানেত্ৰী পুস্পাঞ্জলী বৰগোহাঁই, অ'বিচি মৰ্চাৰ সভানেত্ৰী মুন্নী য়াদব, নগৰ মণ্ডলৰ সভাপতি শশাংক কাকতিৰ নেতৃত্বত যোৱা বিজেপিৰ কাৰ্যকতাসকলে ফলমূল বিতৰণৰ লগতে আবাসীসকলক এযোৰকৈ বস্ত্ৰ প্ৰদান কৰি আইতা-ককাহঁতৰ পৰা আশীবাদ লয়৷

ইয়াৰ পাছতে ধেমাজি অসামৰিক চিকিৎসৰলয়ত থকা ৰোগীৰ মাজত ফলমূল বিতৰণ কৰে৷ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিজেপিয়ে সোমবাৰে জিলাৰখনৰ মাছখোৱা বৰাজানস্হিত দুৰ্গত শিশুৰ আশ্ৰয় গৃহত থকা শিশুকলক ফলমূলৰ টোপোলা প্ৰদান কৰে ৷ ইয়াৰ সমান্তৰাল ভাৱে সমগ্ৰ জিলাখনত বিভিন্ন মণ্ডল সমিতিয়ে নিজ নিজ এলেকাৰ চিকিৎসালয়ত ৰোগীৰ মাজত ফলমূল বিতৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ সু-স্বাস্হ্যৰ লগতে দীঘায়ু কামনা কৰি আশীষ লয় ৷