অসম

পি এম কিষাণ আঁচনিৰ ৰূপায়ন আৰু কেলেংকাৰীকলৈ অসন্তুষ্ট গুৱাহাটী উচ্চ ন্যায়ালয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান আঁচনি ৰূপায়নত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছিল বহু কেলেংকাৰী। এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। ৭৩/২০২০ নম্বৰৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিছে উচ্চ ন্যায়ালয়ে।

আঁচনিখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কেলেংকাৰী আৰু ইয়াৰ তদন্তক লৈ সন্তুষ্ট নহয় উচ্চ ন্যায়ালয়। বুধবাৰে উচ্চ ন্যায়ালয়ে এই বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰে। এই আঁচনিখনৰ নামত ৩৯ লাখ ভুৱা কৃষকৰ নামত ধন মুকলি কৰা হৈছিল। আনহাতে এই আঁচনিৰ নামত ২.৫ কোটিৰো অধিক টকা হৰলুকি কৰা হৈছে।

হৰলুকি হোৱা আঁচনিৰ এই বিশাল ধনৰ মাত্ৰ নামমাত্ৰ ধন উদ্ধাৰ হৈছে। কিন্তু এই উদ্ধাৰকৃত ধনৰো সঠিক তথ্য দাখিল কৰিব পৰা নাই চৰকাৰে। আঁচনিখনৰ ৰূপায়নৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰী সন্দৰ্ভতো নিশ্চুপ হৈ আছে ৰাজ্য চৰকাৰ। ইয়াকে লৈ অসন্তুষ্টি ব্যক্ত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।