অসম

অলিম্পিকত কাৰ কিমান মেডেল…

asomiyapratidin

ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত পদকৰ তালিকাত শীৰ্ষত আছে চীন। দ্বিতীয় দিনালৈকে চীনে তিনিটা সোণৰ, এটা ব্ৰঞ্জৰসহ মুঠ ৪টা পদক লাভ কৰিছে। ইয়াৰ পাছতেই অলিম্পিকৰ পদকৰ তালিকাত দ্বিতীয় স্থানত আছে ইটালী। দেশখনে এটা সোণ, এটা ৰূপসহ মুঠ দুটা পদক লাভ কৰিছে।

দুটা পদকেৰে আয়োজক দেশ জাপানো আছে দ্বিতীয় স্থানত। জাপানে এটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰিছে। দক্ষিণ কোৰিয়াই এটা সোণ আৰু দুটা ব্ৰঞ্জসহ তৃতীয় স্থানত, ইকুৱেডৰ এটা সোণ, হাংগাৰীয়ে এটা সোণ, ইৰাণে এটা সোণ, কছব'ৱে এটা সোণ, থাইলেণ্ডে এটা সোণ, ছাবিয়া এটা ৰূপ আৰু এটা ব্ৰঞ্জ, বেলজিয়াম এটা ৰূপ, নেডাৰলেণ্ড এটা ৰূপ, ৰোমানিয়া এটা ৰূপৰ পদক লাভ কৰিছে। লক্ষণীয় যে, এইবাৰ অলিম্পিকত শুভ আৰম্ভণি কৰিছে ভাৰতে। ভাৰোত্তলনত মীৰাবাই ছানুৱে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰিছে।