অসম

পিয়লিখাতা গাঁৱত কোৰোনাক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধিনৰ পিয়লিখাতাৰ শিয়ালমাহা নিবাসী ভূপেন ডেকা (২৮) ৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়। শনিবাৰে নিশা জি এম চি এইচত ১০.৩০ বজাত মৃত্যু হোৱা ডেকা কোৰোনাত আক্ৰান্ত হৈ জি এম চি এইছত চিকিৎসাধিন অৱস্থাত আছিল বুলি কমলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে।

আনহাতে, কোভিড পৰীক্ষাৰ বাবে কীট মজুত নথকাত মৃত ভূপেন ডেকাৰ পৰিয়ালৰ সদস্য সকলক বৰ্তমানলৈকে কোভিড পৰীক্ষা কৰিব পৰা হোৱা নাই বুলি স্বাস্থ্য বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। যাৰ বাবে আতংকত দিন পাৰ কৰিব লগা হৈছে সৰ্বসাধাৰণ লোক।