অসম

অযোধ্যাৰ ৰাম মন্দিৰলৈ গোলাঘাটৰ তীৰ্থ যাত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চৰকাৰৰ আস্থা ৰে’লসেৱা যোগে আজি গোলাঘাট জিলাৰ তীৰ্থ যাত্ৰীৰ দলে অযোধ্যাৰ ৰাম মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰে৷ ৰাম মন্দিৰ দৰ্শনৰ বাবে যোৱা তীৰ্থ যাত্ৰীৰ দলটোত প্ৰায় ১৬৩৮ গৰাকী লোক আছে। জ্যেষ্ঠ নাগৰিকৰ দলটোৱে ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত হ’ব।

ৰাম মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক শলাগ লৈছে তীৰ্থযাত্ৰীসকলে। ৰে’ল বিভাগৰো ব্যৱস্থাপনাকো শলাগ লৈছে তীৰ্থ যাত্ৰীসকলে।

ৰাম মন্দিৰৰ ব্যৱস্থাপনা সমিতিয়েও অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা যোৱা ভক্তসকলৰ আদৰ আপ্যায়ণত কোনো ত্ৰুটি নৰখাৰ কথা স্বীকাৰ কৰিছে অসমৰ তীৰ্থযাত্ৰীসকলে। ৰাম মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে লোৱা পদক্ষেপক শলাগ লয় ৰাইজে৷