অসম

বকোত গাহৰি পালনৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ অনুষ্ঠান, ৯টা আত্মসহায়ক গোটক প্ৰশিক্ষণ

asomiyapratidin

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত পশু পালন আৰু চিকিৎসা বিভাগে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত আৰম্ভ কৰা গহৰি পালনৰ প্ৰশিক্ষণ শিবিৰৰ কালি শুভাৰম্ভ কৰা হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ কামৰূপ জিলাৰ বকো পৰিষদীয় সমষ্টিৰ বকো পৰ্যটন ভৱনত বৃহস্পতি আৰু শুক্ৰবাৰ দুদিনীয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাই।

শিবিৰ মুকলি ভাষণত গাহৰি পালক সকলে ভবিষ্যতে যাতে ৰাভা হাছং এলেকাৰ গাহৰি পালকৰ পৰা নতুন পালক সকলে গাহৰি ক্ৰয় কৰিব পাৰে সেই উদ্দেশ্য সন্মুখত ৰাখি গাহৰি পালনত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।৯টা আত্মসহায়ক গোটক গাহৰি পালন প্ৰশিক্ষণৰ উদ্দেশ্যে আয়োজন কৰা মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ কাৰ্যবাহী সদস্য সুমিত ৰাভাই।

সভাত উদ্দেশ্য বাখ্যা কৰে কামৰূপ জিলা পশুপালন বিষয়া ডা: অৰুণ শৰ্মাই । ডা: শৰ্মাই উদ্দেশ্য বাখ্যাত গাহৰিৰ মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে আৰু এই মাংস খালে বহুমূত্ৰ ৰোগ আৰু ৰক্তচাপ হীনতা ৰোগ নহয় বুলি জানিবলৈ দিয়ে । লগতে গাহৰিৰ মাংসত ক্ষতিকাৰক বেক্টেৰিয়াই অধিক আক্ৰমণো কৰিব নোৱাৰে বুলি কয়। কেৱল গাহৰি পালক বুলিয়েই নহয় যিহেতু দিনে দিনে মাটি কমি গৈছে গতিকে কম মাটিত অধিক উৎপাদন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষক ৰাইজক ডা:শৰ্মাই আহ্বান জনায়। ছাগলী পালন সম্পৰ্কেও কিছু কথা আলোকপাত কৰি ছাগলী পালনেৰে কেনেদৰে অধিক লাভৱান হ'ব পাৰি সেই বিষয়েও তেওঁ জনায়।

ছাগলীৰ গাখীৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই বুলি তেওঁ উল্লেখ কৰি বিষয়াগৰাকীয়ে সকলো বয়সৰ লোকৰ বাবে ছাগলীৰ গখীৰত উৎকৃষ্ট খাদ্য বুলি কয়। শুভাৰম্ভ অনুষ্ঠানত অতিথিৰ ভাষণত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে ব্যৱসায়ীক দৃষ্টি ভঙ্গীৰে ৰাইজক গাহৰি পালন কৰিবলৈ আহ্বান জনায়। তেওঁ নিজে ইতিমধ্যে গাহৰি পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা সদৰি কৰি কিছু বিজ্ঞান সন্মত নীতি-নিয়ম ৰাইজৰ সন্মুখত বাখ্যা কৰে। কালিৰ শুভাৰম্ভ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ উপাধক্ষ্য ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য ক্ৰমে- আদিত্য ৰাভা, হিতেশ পাটগিৰি,ফ্ৰাইলিন আৰ. মাৰাক, প্ৰতিনিধি অৰ্জুন চেত্ৰী, কল্পৰাম ৰাভা, পঞ্চমী ৰাভা, ৰশ্মিৰাভা, মিনতি বড়ো ,পঞ্চায়ত সভাপতি গনেশ ৰাভা, পশু চিকিৎসক ডা: হৃদয় কলিতা, ডা: মুকুল দাস, ডা: হেমন্ত ডেকাকে ধৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।