অসম

ফিল’বাৰীত সাংসদ প্ৰদান বৰুৱাক কলা পতাকা প্ৰদৰ্শন

asomiyapratidin

ডিজিটেল সংবাদ, পেঙেৰীঃ ফিল'বাৰীত সোণোৱাল কছাৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ ৰোষৰ সন্মুখীন হ'ল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ৷ ফিল'বাৰীৰ আছু, যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই সন্মিলিত ভাৱে পহু খেদা দিলে সাংসদ জনক ৷

নিৰ্বাচনী প্ৰচাৰ সভা এৰি পলায়ন কৰা সাংসদ গৰাকীক আনকি প্ৰতিবাদী দল-সংগঠনৰ নেতৃত্বই কলা পতাকা প্ৰদৰ্শন কৰি বিজেপি মুৰ্দাবাদ, প্ৰদান বৰুৱা গ' বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল'গান প্ৰদান কৰে ৷ ৰাইজৰ ক্ষোভ দেখি সাংসদ গৰাকীয়ে আনকি অঞ্চলটোৰ এটা পথ মুকলি কৰাৰ কাৰ্যসূচীও বাতিল কৰে ৷ উল্লেখ্য যে জাতি ধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত ফিল'বাৰীত বিজেপি চৰকাৰৰ কোনো জনপ্ৰতিনিধিকে প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে অঞ্চলটোৰ জাতি-জনগোষ্ঠীয় দল সংগঠন সমূহে ৷