অসম

উত্তৰ-পূৱৰ নাগৰিকে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত আস্থা প্ৰদৰ্শন কৰিলে : হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল ডেস্ক : উত্তৰ-পূৱৰ তিনিখনকৈ ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনত বিজেপিৰ সাফল্যৰ পাছত এই সম্পৰ্কে মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত আস্থা প্ৰদৰ্শন কৰিলে । মেঘালয়ৰ বাহিৰে আন দুখন ৰাজ্যত দ্বিতীয় বাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ এন ডি এ চৰকাৰ নিৰ্বাচিত হৈ আহিল বিধানসভা নিৰ্বাচনত । যাৰ পৰিণতিত তিনিওখন ৰাজ্যতেই বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিল ।

হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সৈতেই ভাষ্য আগবঢ়াই যে, বিধানসভা নিৰ্বাচনৰ এই সাফল্যৰ পাছত লোকসভা নিৰ্বাচনতো ২৫-২৬ খন আসন বিজেপিয়ে লাভ কৰাতো নিশ্চিত । এই জয় সফল হৈছে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই ।

একে সময়তেই তিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যোত দেৱবাৰ্মাৰনিৰ্বাচনৰ পূৰ্বৰ মন্তব্য অনুসৰি, তিপ্ৰালেণ্ডৰ দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ত্ৰিপুৰা ৰাজ্যক কোনো পধ্যেই খণ্ডিত হ'বলৈ দিয়া নহ'ব কিন্তু একে সময়তেই খিলঞ্জীয়া লোকসকলৰ সমস্যা সমূহো চৰকাৰে গুৰুত্ব সহকাৰে ল'ব আগন্তুক সময়ত ।

উল্লেখ্য যে, তিনিওখন ৰাজ্যৰ নিৰ্বানচত এক নতুন কথা পৰিলক্ষিত কৰিছিল উত্তৰ-পূৰ্বাঞ্চলে । অসমৰ আঞ্চলিক দলসমূহে নিৰ্বাচনত নিৰ্লজ আত্মসমৰ্পন কৰাৰ বিপৰীতে তিনিওখন ৰাজ্যত আঞ্চলিক দলসমূহে এক নতুন শক্তি ৰূপে দেখা দিছিল । যাৰ ফলতেই বিজেপি জয়ী হ'লেও শক্তিশালী বিৰোধীৰ ৰূপত অৱস্থান কৰিব আঞ্চলিক দলসমূহে ।