অসম

ধিঙত ৰঙালীৰ আনন্দঃ ২৬ গাঁৱৰ ৰাইজে মিলি ধাৰাবাহিকভাৱে পালন কৰি আহিছে মুকলি বিহু…

asomiyapratidin

ডিজিটেল সংবাদ, ধিংঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ধিঙতো চেনেহৰ ৰঙালী বিহুটিক উলহ-মালহেৰে উদযাপন কৰা দেখা গৈছে। ধিঙৰ জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত মুকলি বিহুত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকা আৰু অভিনেত্রী নিশিতা গোস্বামীয়ে। অংশগ্ৰহণ কৰিলে অভিনেতা নয়ন নিৰ্বান বৰুৱায়ো।

বিভিন্ন জাতি-জনগোষ্ঠীৰে অনুষ্ঠিত হোৱা বিহু উৎসৱ পৰিণত হ'ল সমন্বয়ৰ মিলনভূমি। ২৬ খন গাঁৱৰ ৰাইজ সন্মিলিত হৈ ৩৪ বছৰ ধৰি পালন কৰি আহিছে এই বিহু উৎসৱটি । হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লোকে এনেদৰে ৩৪ বছৰ ধৰি বিহু এই উৎসৱটি পালন কৰি দাঙি ধৰি আহিছে সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন।