অসম

কোৰোনা-লকডাউন পাহৰিলে! ঘৰলৈ যাবলৈ বাছ বিচাৰি বাছ আস্থানত ভিৰ হাজাৰ-হাজাৰ লোকৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল টেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসত বিশ্বত ২৮ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ পিছতো গা লৰা নাই একাংশ লোকৰ। কোৰোনাৰ সংক্ৰমণক প্ৰতিহত কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লকডাউনৰ প্ৰতিও কানসাৰ নাই দায়িত্বজ্ঞানহীন এইসকল লোকৰ। নিজৰ লগতে আপোনজনৰ প্ৰতি একাংশৰ দায়িত্বজ্ঞানহীনতাৰ চূড়ান্ত নিৰ্দশন শনিবাৰে দেখিবলৈ পোৱা গ'ল দিল্লীত।

দিল্লীৰ আনন্দ বিহাৰ বাছ টাৰ্মিনেলত নিজ বাসগৃহলৈ যাবৰ বাবে শনিবাৰে সন্ধিয়াৰ ভাগত হাজাৰ-হাজাৰ লোকে ভিৰ কৰা দেখা গ'ল। লোকসকল হঠাৎ ঘোষণা কৰা লকডাউনৰ বাবে দেশৰ ৰাজধানী চহৰখনৰ বিভিন্ন স্থানত আবদ্ধ হৈ আছিল। কোনোমতে নিজ স্থানসমূহলৈ বাছ যোৱাৰ কথা জানিব পাৰি এনেদৰে তেওঁলোকে খোজকাঢ়ি আহি আনন্দ বিহাৰ বাছ টাৰ্মিনেলত উপস্থিত হৈছিলহি।

পিছে বাছত উঠাৰ বাবে কৰা হেচা ঠেলাৰ সময়ত লোকসকলে গুৰুত্ব নিদিলে তেওঁলোকৰ পৰস্পৰৰ মাজৰ ব্যৱৰ্ধান তথা হ'ব পৰা ৰোগৰ সংক্ৰমণত। যাৰ বাবে এইসকল লোকৰ দেহত কোৰোনাৰ সংক্ৰমণ হোৱাৰ আশংকাই দেখা দিছে। এতিয়া নিজ নিজ স্থানলৈ যাবলগা এইসকল লোকে আপোন ঠাইখনতো কোৰোনাৰ সংক্ৰমণ ঘটাব বুলি বিভিন্নজনে সন্দেহ ব্যক্ত কৰিছে।