অসম

চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা চেঙা ৰাজহ চক্ৰৰ অধীনস্থ ছাটাগাঁৱত শুকুৰবাৰে সন্ধিয়া পশ্চিম ছাটা গাঁওৰক্ষী বাহিনীয়ে স্থানীয় যুৱকৰ সহযোগত ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত থকাৰ সন্দেহত এজন যুৱকক আটক কৰি তাৰাবাৰী আৰক্ষীক গতাই দিয়ে বুলি জানিবলৈ দিয়ে পশ্চিম ছাটা গাঁওৰক্ষী বাহিনীৰ সম্পাদক মজিবৰ ৰহমানে। ধৃত যুৱকজন ৰৌমাৰী পাথাৰৰ লোকমান আলীৰ পুত্ৰ আমিনুৰ হক(২৬) বুলি জানিব পৰা গৈছে।

ধৃত যুৱকজনৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে ৰাইজে। একাংশ লোকে ধৃত যুৱকজনক উত্তম মধ্যম শোধায়। পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল উপস্থিত হোৱাত যুৱকজনক আৰক্ষীক গতাই দিয়ে ৰাইজে।

ঘটনাস্থলীতে আৰক্ষীয়ে নিচাজাতীয় টেবলেটসমূহ জব্দ কৰি স্থানীয় লোকৰ সাক্ষাতত ছীল কৰে টেবলেটসমূহ। ধৃত যুৱকজনৰ লগতে আন দুজন স্থানীয় যুৱক জৰিত থকাৰ অভিযোগ তোলে স্থানীয় ৰাইজে।

তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ, ৰৌমাৰী গাঁও, ছাটাগাঁও আদি অঞ্চলত এটা দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি নিচাজাতীয় টেবলেটৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলিও স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুষ্ট চক্ৰটোক উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনলৈ ৰাইজে দাবী জনায়।