অসম

পৰমানন্দ চায়েঙীয়া ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ উপ-সভাপতি নিৰ্বাচিত, বিশ্ব চেম্পিয়নশ্বিপত অসমৰ ১২ খেলুৱৈৰ অংশগ্ৰহণ নিশ্চিত

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ পঞ্জাৱৰ অমৃতসৰত যোৱা ১০ ছেপ্তেম্বৰত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে ইণ্ডিয়ান পেঞ্চাক চিলাট ফেডাৰেশ্যনৰ বাৰ্ষিক সাধাৰণ সভা আৰু সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। দেশৰ ৩২খন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্হিতিত অনুষ্ঠিত উক্ত সাধাৰণ নিৰ্বাচনত অসম পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি আৰু উত্তৰ-পূব পেঞ্চাক চিলাট মহাসংঘৰ অধ্যক্ষ তথা মিচিং স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক "ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘ"ৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে উত্তৰ-পূব পেঞ্চাক চিলাট মহাসংঘৰ সাধাৰণ সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেক জ্যেষ্ঠ কাৰ্য্যবাহী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে।

সৰ্বভাৰতীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা দুয়োগৰাকী লোকে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখ্য যে, অহা দুটা মাহত মালয়েছিয়া, থাইলেণ্ড আৰু ছিংগাপুৰত অনুষ্ঠিত হ'বলগীয়া আন্তৰাষ্ট্ৰীয় আৰু বিশ্ব চেম্পিয়নশ্বিপত অসমৰ ১২ গৰাকী খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হোৱাৰ মূহুৰ্ত্তত এই খবৰে খেলুৱৈ সকলক যথেষ্ট উৎসাহিত কৰি তুলিছে।