অসম

চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰাগুৰিত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এই কাণ্ড সংঘটিত কৰিছে লোকনাথ পেগু (৩৪) নামৰ এটা লম্পটে।

প্ৰাপ্ত বাতৰি মতে, ফুৰাবলৈ নিব বুলি কৈ এএছ২২ইআৰ০১৩৪ নম্বৰৰ ই-ৰিক্সাৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ঘৰৰ পৰা লৈ আনিছিল পেগুৱে। পিছে ফুৰাবলৈ নিয়াৰ পৰিৱৰ্তে লংলুঙীয়া বাট এটাৰে কিশোৰীগৰাকীক হাবিৰ মাজৰ পুখুৰী এটাৰ পাৰলৈ লৈ যায় লম্পটটোৱে।

পুখুৰীৰ পাৰৰ নিৰ্জনতাৰ সুযোগ লৈ অসৎ বাসনা চৰিতাৰ্থ কৰিবলৈ লোৱাৰ সময়তে কিশোৰীগৰাকীৰ চিৎকাৰ শুনি মাছ মাৰিবলৈ যোৱা কেইজনমান লোক সেই স্থানত উপস্থিত হয়। লোককেইজনে হাতে-লোটে ধৰা পেলাই লম্পট পেগুক চাউলধোৱা আৰক্ষীক গতাই দিয়ে।