অসম

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিছে ইখনৰ পিছত সিখন ট্ৰাক, এক্সেভেটৰেৰে বালি পেলাই পুতিছে গাত, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবেই বৃহস্পতিবাৰে জাগুণ-লিডুৰ স্বাভাৱিক জনজীৱন প্ৰায় তিনি ঘন্টা ধৰি ব্যাহত হৈ পৰে। লিডুৰ টিৰাপ কলিয়ৰীস্থ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা দ দ গাঁতত কেইবাখনো গাড়ী বাগৰি পৰাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হয়। পাছত জেছিবিৰে বিধ্বস্তু পথটোৰ পৰা গাড়ী কেইখন আতৰোৱাৰ পাছতহে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়। উল্লেখ্য যে, ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পাৱৈৰ পৰা লিডু লৈকে ৩৮ নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থাই সকলোকে জ্বলা কলা খুৱাই আহিছে।

বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাতৰ সৃষ্টি হৈছে। তাৰোপৰি খৰালি এই পথ ধূলিময় হৈ পৰে আৰু বাৰিষা ঠায়ে ঠায়ে এআঠু পৰ্যন্ত পানী জমা হয়। যাৰ ফলত পথাচাৰী-গাড়ী চালকৰ বাবে এই পথ হৈ পৰিছে মৰণফাণ্ড। উল্লেখ্য যে, এই পথছোৱা পুনঃ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

বৃহস্পতিবাৰে সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ, যুটীয়া সম্পাদক তপন দে, প্ৰশান্ত চেতিয়া আৰু মুখপাত্ৰ মানসপ্ৰতীম গগৈয়ে প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জড়িয়তে বাৰম্বাৰ ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই অহাৰ লগতে মুখ্যমন্ত্ৰীলৈ দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত উদ্বেগ প্ৰকাশ কৰে। গণতান্ত্ৰিক চৰকাৰ এখনৰ বিৰুদ্ধে সাংবাদিকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত আন্দোলনত নামি পৰাৰ পিছতো ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অহাটো দুৰ্ভাগ্যজনক বুলি প্ৰেছটোকাটোত উল্লেখ কৰি ১০ মে'ৰ ভিতৰত চৰকাৰে স্থিতি স্পষ্ট কৰাৰ লগতে ৩৮ নং ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সংস্থাই মাৰ্ঘেৰিটাৰ বিভিন্ন অৰাজনৈতিক দল সংগঠন তথা ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসৃচীৰ পাছত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তৎপৰতা চলোৱা, ইতিমধ্যে পথটোৰ মেৰামতিৰ বাবে ২৩ কোটি টকা আৱন্তুন দিয়া বুলি বিভিন্ন সৃত্ৰই জানিবলৈ দিয়া বুলি প্ৰকাশ কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে এইদৰে সংস্থাক মৌখিক ভাৱে অৱগত কৰিলেই নহব চৰকাৰৰ দ্বায়িত্বশীল ব্যক্তিয়ে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাক অৱগত কৰাৰ লগতে মে' মাহৰ ভিতৰত পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ নিশ্চয়তা নিদিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে।