অসম

ধেমাজিত পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে দুপৰীয়া ১২ বজাত ধেমাজি কাছাৰী ময়দানত পট্টা আৰু আবণ্টন পত্ৰ বিতৰণৰ অনুষ্ঠান সম্পন্ন হয়৷ জিলাখনৰ মুঠ ২৮৮৮ গৰাকী হিতাধিকাৰীক পট্টা, ৭২৯ গৰাকীক মাটি আবণ্টন পত্ৰ আৰু জোনাই সমষ্টিৰ বান বিধ্বস্ত ৭৪ গৰাকী লোকক ৩৮০০ টকাকৈ চেক প্ৰদান কৰে৷

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি সভাৰ আদৰণি ভাষণ ৰাখে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰে৷ ভাষণত উপায়ুক্ত গৰাকীয়ে ধেমাজি জিলাখনৰ ধেমাজি, গোগামুখ, চিচিবৰগাঁও, জোনাইৰ চাৰিটা ৰাজহচক্ৰত এতিয়ালৈকে পট্টা আৰু আবন্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে৷

ইয়াৰ পিছতেই ধেমাজি সমষ্টিৰ বিধায়ক ৰনোজ পেগুয়ে বক্তব্য ৰাখি কয় যে চৰকাৰে খিলঞ্জীয়াসকলৰ স্বাৰ্থত এই কাৰ্যসূচী গ্ৰহণ কৰিছে। অনুষ্ঠানত উপস্থিত থাকে ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তুলন কোঁৱৰ, ধেমাজি নগৰপালিকা সভানেত্ৰী হেমা দলৈ বৰগোহাঁই, ধেমাজি জিলা আৰক্ষী অধীক্ষক ডা০ ধনঞ্জয় ঘানাৱট আৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ক্ত অংকুৰ ভৰালীৰ লগতে শতাধিক স্থানীয় লোক।