অসম

আগ্ৰাসনকাৰী শেন চকু বনাঞ্চলত : দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে পাটকাই পাহাৰৰ বনাঞ্চল

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : আগ্ৰাসনকাৰী শেন চকু এইবাৰ অসমৰ বনাঞ্চলসমূহত। একাংশ আগ্ৰাসনকাৰী বাবে অস্তিত্বৰ সংকটত পৰিছে পাটকাই পাহাৰ।

বনদস্যুৰ কোপ দৃষ্টি পৰিছে পাটকাই পাহাৰৰ বনাঞ্চলত ; এফালৰ পৰা কাটি তহিলং কৰি জ্বলাই দিছে পাহাৰৰ মূল্যৱান গছ-গছনি। ইয়াৰ পিছতো নিৰ্বিকাৰ ৰাজ্যৰ বন বিভাগ।

ঐতিহাসিক পাটকাই পাহাৰৰ বুকুত বনদস্যুৰ আগ্ৰাসনৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল সংগঠনসমূহ। বৃহস্পতিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাই নেতৃত্বত এটা সজাতি দল দুষ্কৃতিকাৰীয়ে জ্বলাই তহিলং কৰা পাটকাই পাহাৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ বিষয়ববীয়া আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি বিষয়-ববীয়াই তেওঁক সহযোগিতা আগবঢ়ায়। টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতাজনে মৌন বন বিভাগ তথা স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক পাটকাই পাহাৰত হোৱা আগ্ৰাসন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে। ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰী সাক্ষাৎ কৰি উক্ত ঘটনা সন্দৰ্ভত অৱগত কৰে।

অন্যহাতে কিছুদিন পূৰ্বে টাই আহোম ছাত্ৰ সন্থাই লিডু-মাৰ্ঘেৰিটাত চলি থকা অবৈধ চোৰাং কয়লা বেহাৰ বিৰুদ্ধে যি দৰে হুংকাৰ প্ৰদান কৰিছিল পৰৱৰ্তী সময়ত সকলো বোৰ ফুটকাৰ ফেন হ’ল বুলিও চৰ্চা চলিছে। কেৱল মাত্ৰ ঢোঁৰা সাপৰ দৰে ফেট তোলাৰো অভিযোগ উত্থাপন হৈছে।

আজি মুহকুমাধিপতিক সাক্ষ্যৰ পাছত মহকুমা প্ৰশাসন তথা টাই আহোম ছাত্ৰ সন্থাৰ অনাগত সময়ত কেনেধৰণৰ পদক্ষেপ লয় সেয়া অতি লক্ষণীয় হ'ব।