অসম

পাতেকীবৰী সত্ৰৰ ভূমি সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ সত্ৰসমূহৰ ভূমি সমস্যা পুনৰীক্ষণ আৰু মূল্যায়ন আয়োগ উপস্থিত…

asomiyapratidin

ডিজিটেল সংবাদ, লাহৰীঘাটঃ ৰাজ্যখনত যি সময়ত সত্ৰৰ ভূমি বেদখলক লৈ সৰৱ চৰ্চা চলিছে তেনে সময়তে পোহৰলৈ আহিছে অসম চৰকাৰৰ ইতিবাচক সহাৰি। আজি মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ পাতেকীবৰী সত্ৰত পুৱাৰ ভাগত অসম চৰকাৰৰ সত্ৰৰ ভূমি সমস্যাৰ সমাধানৰ পুনৰীক্ষণ আৰু মূল্যায়ন আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা, আয়োগৰ সদস্য বিধায়ক ৰুপক শৰ্মা, জিলা অতিৰিক্ত উপায়ুক্ত, চক্ৰবিষয়া স্বৰাজ ভাৰত লাগাচু সহ প্ৰতিনিধি দল এটি উপস্থিত হৈ সত্ৰৰ ভূমি সমস্যাৰ সন্দৰ্ভত পৰিস্থিতিৰ বুজ লয়।

সত্ৰখনৰ সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা কমিটীৰ সম্পাদক, চক্ৰ বিষয়া, আৰু অতিৰিক্ত উপায়ুক্ত তথ্যৰ ভিত্তিত যুগুতোৱা এখন প্ৰতিবেদন আয়োগলৈ আজি সত্ৰখনত যোগান ধৰে। লাহৰীঘাট চক্ৰবিষয়াই পাতেকীবৰী সত্ৰ খনত প্ৰায় ১২বিঘা ১ কটা, ১৭ লোৱা ভূমিৰ সমস্যা চলি থকা বুলি উল্লেখ কৰে যদিও সত্ৰখনৰ সম্পদকে এই মাটিখিনি পূৰ্বতে মুছলমান পৰিয়ালে দান কৰা বুলি নিজৰ মন্তব্যত প্ৰকাশ কৰে। লগতে এই ভূমিখিনি সত্ৰৰ নামতে আছে বুলিও উল্লেখ কৰে। অৱশ্যে আয়োগৰ অধ্যক্ষ জনে স্হানীয় লোকৰ পৰামৰ্শ আৰু সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।