অসম

গাঁৱৰ প্ৰথম ডিষ্টিংচন জয়মংগলালৈ সুনাম কঢ়িয়ালে পাৰবিনে

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী চহৰৰ নিকটৱৰ্তী বৃহৎ গাঁও জয়মংগলা৷ এই গাঁওখনৰ পৰা প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে ডিষ্টিংচনসহ উত্তীৰ্ণ হৈছে৷ বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জয়মংগলা গাঁৱৰ ভঙাচিঙা লোহাৰ ক্ষুদ্ৰ ব্যৱসায়ী বাবজান আলী আৰু মীনা বিবিৰ কন্যা পাৰবিন চুলতানাই পাঁচটা বিষয়ত লেটাৰসহ ৮৭.৫ শতাংশ নম্বৰ প্ৰাপ্তিৰে ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে৷

নলবাৰী চহৰৰ ফৰেষ্ট অফিচৰ ওচৰৰ নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পাৰবিনে লাভ কৰা নম্বৰ এনেধৰণৰ- অসমীয়াত ৮৩, ইংৰাজীত ৯৪, গণিতত ৯৭, বিজ্ঞানত ৭৭, সমাজ বিজ্ঞানত ৮৪ আৰু উচ্চ গণিতত ৯০৷ নলবাৰী শংকৰদেৱ একাডেমীত বিজ্ঞান শাখাত নামভৰ্তি কৰিব মেধাবী ছাত্ৰী গৰাকীয়ে৷

স্থানীয় সমাজকৰ্মী মজিৱ আলীয়ে কৃতী শিক্ষাৰ্থীগৰাকীক অভিনন্দন জনাই পাৰবিনে শৈক্ষিক উত্তৰণত জয়মংগলালৈ সুনাম কঢ়িয়াই অনাৰ বাট মুকলি কৰা বুলি উল্লেখ কৰি জয়মংগলাৰ পূৰ্বৰ পৰিৱেশ সলনি হোৱা বুলিও মন্তব্য কৰে৷