অসম

ফেচবুকত দেশবিৰোধী মন্তব্য কৰি ক’ত নিখোজ হ’ল প্ৰবক্তা পাপৰি বেনাৰ্জী

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰেও চানমাৰি থানাত হাজিৰ নহ'ল ফেচবুকত দেশবিৰোধী মন্তব্য কৰি গণৰোষত পৰা মহানগৰীৰ আইকণ কমাৰ্চ মহাবিদ্যালয়ৰ প্ৰবক্তা পাপৰি বেনাৰ্জী। চানমাৰী থানাৰ আৰক্ষীৰ নিৰ্দেশৰ পিছতো থানাত হাজিৰ নহ'ল প্ৰবক্তা গৰাকী। শনিবাৰে আৰক্ষীয়ে সোধপোছ কৰাৰ পিছতে সোমবাৰে পুনৰ প্ৰবক্তাগৰাকীক আৰক্ষী থানাত হাজিৰ হ'বলৈ আৰক্ষীৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল, কিন্তু এই নিৰ্দেশ অমান্য কৰি সোমবাৰে তেওঁ হাজিৰ নোহোৱা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্যৰ। ইফালে দেওবাৰে পুৱাৰ পৰা ৰহস্যজনকভাৱে ঘৰত নিজ ভাতৃ আৰু পিতৃক উদ্দেশ্যি এখন পত্ৰ লিখি নিৰুদ্দেশ হৈ আছে প্ৰবক্তা পাপৰি বেনাৰ্জী।

পিতৃ আৰু ভাতৃক উদ্দেশ্যি পাপৰিয়ে লিখা চিঠিখনত আছে,"বাবা আৰু ভাই, এটা মন্তব্যৰ পিছতে মই টাৰ্গেট হৈ পৰিছো। যাৰ বাবে মই ভাগৰুৱা, মোৰ বাবে চিন্তা কৰিব নালাগে। মই ঘৰ এৰিছো, মই এনেকুৱা ঠাইত সুৰক্ষিত হৈ থাকিম, য'ত মানুহে মোক চিনি নাপায়।'' ৰহস্যজনকভাৱে এনেদৰে পত্ৰ লিখি হঠাৎ প্ৰবক্তাগৰাকী নিখোজ হোৱা ঘটনাই আৰক্ষী মহলটো সৃষ্টি কৰিছে চাঞ্চল্যৰ। ভাৰতীয় সেনাক উদ্দেশ্যি ছ'চিয়েল মিডিয়াত মন্তব্য কৰি এনেদৰে বহুলোকৰ বাবে বিতৰ্কৰ বিষয হৈ পৰা প্ৰবক্তাগৰাকী নিখোজ হৈ আছে দেওবাৰৰ পুৱাৰে পৰা।

কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ পাছত ছ'চিয়েল মিডিয়াত মন্তব্য কৰিছিল
গুৱাহাটীৰ আইকন কমাৰ্চ কলেজৰ প্ৰবক্তাগৰাকীয়ে। যাৰ বাবে তেওঁক ইতিমধ্যে নিলম্বিত কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। প্ৰবক্তাগৰাকীয়ে ১৪ ফেব্ৰুৱাৰীৰ পুলৱামাৰ ঘটনাৰ পাছতে ছ'চিয়েল মিডিয়াত কৰা মন্তব্যৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে সৰ্বত্ৰে দাবী উত্থাপন হৈছিল। চানমাৰী আৰক্ষীয়েও ইতিমধ্যে ১৩২/১৯ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৫০৫ আৰু তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৬ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰিছে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে।

সোমবাৰে পাপৰি বেনাৰ্জীক আৰক্ষীয়ে চানমাৰি থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও হাজিৰ নোহোৱাৰ লগতে পৰিয়ালৰ লোকে তেওঁৰ নিৰুদ্দেশ সম্বন্ধীয় কোনো খবৰ থানাত দিয়া নাই বুলি জানিবলৈ পোৱা গৈছে। ইফালে চানমাৰি থানাৰ পৰা বেনাৰ্জীক বিচাৰি আৰক্ষীৰ এটা দল তেওঁৰ ঘৰলৈ গৈছিল যদিও দেওতাকে দেওবাৰৰে পৰা পাপৰি ঘৰত নাই বুলি জানিবলৈ দিয়ে।