অসম

চামগুৰিত বনৰৌ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ সোণাৰিবালিত উদ্ধাৰ হৈছে দুষ্প্ৰাপ্য বনৰৌ।শুকুৰবাৰে পুৱাই এটা বনৰৌ উদ্ধাৰ হয় চামগুৰিৰ সোণাৰিবালিৰ এঘৰৰ পাছফালে। বনৰৌ উদ্ধাৰৰ পাছতেই বনৰৌ চাবলৈ চামগুৰিৰ সোণাৰিবালিত বহু লোকৰ সমাগম হয়।

সোণাৰিবালিৰ এঘৰৰ পিছফালে গৈ থকা অৱস্থাত পোন প্ৰথমে বনৰৌটো প্ৰত্যক্ষ কৰিছিল জাকিৰ হুছেইন নামৰ এজন স্থানীয় লোকে। ইয়াৰ পাছতেই উদ্ধাৰ হোৱা বনৰৌটো চামগুৰি আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে।