অসম

কল্পনা গোড়ৰ মৃত্যুৰ ক্ষতিপূৰণৰ দাবীত পানেৰীত প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ  ওদালগুৰি জিলাৰ পানেৰীৰ কুলশী নৈৰ পাৰত শুকুৰবাৰে প্ৰাকৃতিক সম্পদ সুৰক্ষা সমিতিৰ নেতৃত্বত কেইবা শতাধিক লোকৰ ধৰ্ণা কাৰ্যসূচী। নদীখনত কৰা অবৈধ খননৰ গাঁতত পৰি মৃত্যু হোৱা ছাত্ৰী কল্পনা গোড়ৰ মৃত্যুৰ ক্ষতিপূৰণৰ লগতে কুলশী নৈৰ অবৈধ খনন বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে৷

প্ৰাকৃতিক সম্পদ সুৰক্ষা সমিতিৰ সভাপতি হিৰালাল প্ৰজা আৰু সম্পাদক তাৰাপ্ৰসাদ দাসৰ নেতৃত্বত কেইবা শতাধিক স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে হাতে-হাতে বেনাৰ প্লে'কাৰ্ড লৈ প্ৰতিবাদী সমদল উলিয়াই। কল্পনা গোড়ৰ মৃত্যুৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক, অবৈধ খনন বন্ধ কৰক, অবৈধ খননৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰক, দুৰ্নীতিত লিপ্ত ডিএফঅ' আৰু ৰেঞ্জাৰক শাস্তি প্ৰদান কৰক, নৈৰ বুকুত অবৈধভাৱে খন্দা গাঁতসমূহ অতি শীঘ্ৰে পোতাৰ ব্যৱস্থা কৰক, বন বিভাগ হায় হায়,বনমন্ত্ৰী হুচিয়াৰ আদি বিভিন্ন শ্ল'গানেৰে পানেৰীৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷

প্ৰতিবাদী ৰাইজে ধনশ্ৰী বন সংমণ্ডল বিষয়া মাৰ্ধুৰ্য্য কুমাৰ শৰ্মা আৰু ৰেঞ্জাৰ সত্য বড়োৰ পুত্তুলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে,৬ ছেপ্টেম্বৰত কল্পনা গোড় নামৰ ১৩ বছৰীয়া ছাত্ৰীজনী কুলশী নৈত এক্সক্লেভেটৰৰে অবৈধভাৱে খন্দা গাঁতত পৰি শোকাৱহভাৱে মৃত্যু ঘটাৰ পৰিপেক্ষিতত পানেৰীবাসী ৰাইজে নৈৰ বুকুত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ দোহাই দি চলি থকা অবৈধ খনন বন্ধ কৰাৰ উপৰি মৃত ছাত্ৰীজনীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাই বন সংমণ্ডল বিষয়া,জিলা উপায়ুক্তক সুকীয়া সুকীয়াকৈ লিখিত অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত আজি সংগঠটোয়ে পুনৰ নদী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় ৷

পিছত প্ৰতিবাদী ৰাইজে কল্পনা গোড়ৰ পৰিয়ালক অতি শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান, বিনাচৰ্তে কুলশী নৈকে ধৰি ওদালগুৰি জিলাত চলি থকা সকলোবোৰ অবৈধ খনন বন্ধ কৰা, খনন কৰা গাঁতসমূহ পুতাৰ ব্যৱস্থা কৰা, অবৈধ খননৰ নিৰপেক্ষ তদন্ত কৰি দুৰ্নীতিত লিপ্ত বন বিষয়াক শাস্তি প্ৰদান, চালান বিহীনভাৱে অথবা চালান ফাঁকিৰে অতিৰিক্ত বোজাসহ চলি থকা ট্ৰাক-ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা,ওদালগুৰি জিলাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত উৰ্দ্ধতন কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷