অসম

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কমিতিয়ে কেন্দ্ৰক দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কমিটিয়ে ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত উচ্চস্তৰীয় কমিটিৰ অন্তিমখন বৈঠকত চূড়ান্ত কৰা হয় প্ৰতিবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিতিখনৰ প্ৰতিজন সদস্যই সোমবাৰে চূড়ান্ত প্ৰতিবেদনত স্বাক্ষৰ কৰে।

অধ্যক্ষ তথা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ লগতে কমিটিখনত আছে ৰমেশ বৰপাত্ৰগোঁহাই, সুভাষ দাস, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পল্লৱ ঝা, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, সাংবাদিক ৱাছবিৰ হুছেইন, আছু নেতা সমুজ্জ্বল দত্ত, দীপাংকৰ দত্ত আৰু লুৰিণজ্যোতি গগৈ ইত্যাদি।

উল্লেখ্য যে, কোকৰাঝাৰত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বিষয়ে। উক্ত অনুষ্ঠানত ৬ নং দফা কাৰ্যকৰী কৰাটো চৰকাৰৰ দায়িত্ব বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। তেখেতে লগতে কৈছিল, এইক্ষেত্ৰত চৰকাৰ দ্ৰুতগতিৰে আগবাঢ়িব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৬ নং দফা সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলেই কেন্দ্ৰীয় চৰকাৰে কাম কাজ আগবঢ়াব বুলি কৈছিল।