অসম

কোভিড-১৯ৰ বাবে পশ্চিম নলবাৰীত ঈদৰ সমূহীয়া নামাজ স্থগিতৰ সিদ্ধান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কোৰোনাৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতে অহা ২৫ মে'ত ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ ৷ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম নলবাৰীৰ   বৃহত্ত্বৰ চামতাকে ধৰি  বিভিন্ন ঈদগাহ ময়দান সমিতিয়ে সমূহীয়া ঈদৰ নামাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 

চামতাস্থ ধৰ্মপুৰ আৰু ক্ষেত্ৰী ধৰ্মপুৰৰ মিলিত ঈদগাহ ময়দান সমিতিয়ো সমূহীয়া ঈদৰ নামাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ ময়দান পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে ইয়াকুৱ আলী আৰু আকবৰ আলীয়ে প্ৰেছ বিবৃতিযোগে এই কথা জানিব দিছে ৷ সমূহীয়া নামাজৰ পৰিৱৰ্তে সকলোকে ঈদুল ফিৎৰৰ ওৱাজিৱ নামাজ দুই ৰাকাত ঘৰতে পঢ়াৰ বাবে আহ্বান জনাই সভাপতি গৰাকীয়ে ৷

ইয়াৰ উপৰিও ঈদৰ বজাৰৰ নামত অযথা ভিৰ নকৰিবলৈ আৰু ঈদৰ আনন্দৰ নামত সামাজিক দুৰত্বৰ ব্যৱধান ভংগ নকৰিবলৈ সকলোকে আহ্বান জনাই ময়দান পৰিচালনা সমিতিৰ সভপতি ইয়াকুৱ আলীয়ে৷ আনহাতে , নামনি অসমৰ দ্বিতীয় খন ঈদগাহ ময়দান হিচাপে পৰিচিত বনগাওঁ ঈদগাহ ময়দানেও সমূহীয়া নামাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ আজি এক কাৰ্যনিৰ্ব্বাহক সভাত এই সিদ্ধান্ত গ্ৰহন কৰাৰ কথা সদৰী কৰে পৰিচালনা সমিতিৰ সম্পাদক দ্বয় নিজাম উদ্দিন আহমেদ আৰু হাৰেজ আলীয়ে ৷