অসম

পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে সৌৰ চালিত পানী যোগান আঁচনিৰ নামত ধন আত্মসাত অভিযোগ…

asomiyapratidin

ডিজিটেল সংবাদ বোকাখাতঃ দুৰ্নীতিত পোত যোৱা বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ এইবাৰ খুদ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ। উল্লেখযোগ্য যে ২০২০-২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ ৫,৫০,০০০ টকা ব্যয়ৰে বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়াপথাৰ খেড়িয়া বস্তীৰ ২৬৭ নং অংগনৱাড়ী কেন্দ্ৰত নিৰ্মাণ কৰা এটা সৌৰ শক্তি চালিত পানী যোগান আঁচনিৰ নিম্নমানৰ কাম কৰি ধন আত্মসাত কৰাৰ অভিযোগ তুলি পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতি।

জনজাতি ছাত্ৰ সংগঠনটোৰ অভিযোগ- পঞ্চায়তটোৰ সভানেত্ৰী গৰাকীৰ পৃষ্ঠপোষকতাতে দুৰ্নীতি তথা অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে উক্ত আঁচনিৰ কাম,লগতে আঁচনি সন্দৰ্ভত তথ্য ৰাজহুৱা কৰা নাই পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে।

ইফালে যোৱা ৩ জুন তাৰিখে উক্ত আঁচনিৰ নমুনা বিচাৰি সংগঠনটোৱে পঞ্চায়তটোৰ সভাপতি/ সম্পাদকলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই সমগ্র বিষয়টোৰ পৰা ফালৰি কটাৰহে অভিযোগ উত্থাপিত হৈছে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে।

লগতে উক্ত আঁচনি ৰূপায়ন সন্দৰ্ভত পঞ্চায়টোৰ অধিকাংশ সদস্যৰ উপৰিও আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীও অৱগত নোহোৱা বুলি অভিযোগ উত্থাপিত হৈছে। স্বাভাৱিকতেই দুৰ্নীতিত পোত যোৱা পঞ্চায়তটোৰ লগতে সভানেত্ৰী গৰাকীক তদন্তৰ আওতালৈ আনিবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় প্ৰশাসনক দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিয়ে।