অসম

পলাশবাৰীত ‘শীতৰ কুঁৱলি ফালি’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান…

asomiyapratidin

ডিজিটেল ডেস্কঃ পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ প্ৰেক্ষাগৃহত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান 'প্ৰতিধ্বনি'ৰ উদ্যোগত 'শীতৰ কুঁৱলি ফালি' শীৰ্ষক গীত-কথা-কতিবাৰ এক ব্যতিক্ৰম সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। যোৱা দেওবাৰ অৰ্থাৎ ১০ জানুৱাৰীত জয়শ্ৰী ঠাকুৰীয়াৰ ভজনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানটিত সমাজ সেৱক সোণাৰাম সাউদে স্মৃতি তৰ্পণ কৰে।

ইফালে, প্ৰাক্তন ছাত্ৰ নেতা ৰাম কুমাৰ দাসে উদ্বোধনকৰা অনুষ্ঠানটিত শংকৰ কুমাৰ আৰু হোমেন মেধীয়ে সম্পাদনা কৰা 'কুৰি বছৰৰ নিৰ্বাচিত কবিতা' সংকলনখনি উন্মোচন কৰি যশস্বী নাট্যকাৰ ড০ জগদীশ পাটগিৰীয়ে এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।