পলাশবাৰীত বিশিষ্ট কবি, শিক্ষাবিদ নাৰায়ণ কুমাৰ দাসক সম্বৰ্ধনা...
পলাশবাৰীত বিশিষ্ট কবি, শিক্ষাবিদ নাৰায়ণ কুমাৰ দাসক সম্বৰ্ধনা... 
অসম

পলাশবাৰীত বিশিষ্ট কবি, শিক্ষাবিদ নাৰায়ণ কুমাৰ দাসক সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ কামৰূপ জিলাৰ ১০৪ বছৰ গড়কা মিৰ্জা-সৰপাৰাস্থিত পলাশবাৰী আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট কবি, সাহিত্যিক নাৰায়ণ কুমাৰ দাসক আজি "পৰাগজ্যোতি প্ৰকাশন"ৰ তৰফৰ পৰা পলাশবাৰী-বজাৰাপাৰাস্থিত নিজ বাসভৱনত আদৰ সম্বৰ্ধনা জনায় ।

প্ৰকাশনৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ অৱসৰী ৰসায়ন বিজ্ঞান বিভাগৰ বিষয় শিক্ষক তথা সচেতন লেখক নৃপেন শৰ্মাই কয়- "নাৰায়ণ কুমাৰ দাসৰ চিন্তাধাৰা বিশ্বজনীন। তেওঁৰ সাহিত্যৰাজিত মানুহ আৰু মানৱতা প্ৰকাশ পাই।"

সভাত অংশ লৈ মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি তথা প্ৰবন্ধকাৰ কমল চন্দ্ৰ মেধিয়ে কয়- "এজন সৎ শিক্ষক হিচাপে সমাদৃত নাৰায়ণ কুমাৰ দাস ছাৰ।তেওঁ ছাত্ৰসকলক নিৰ্মাণ কৰিবলৈ অহৰহ প্ৰয়াস কৰিছিল। জীৱনকালত মানুহৰ বাবে বহু ত্যাগ কৰিছে। আজি পৰাগজ্যোতি প্ৰকাশনে জনোৱা সন্মান বৰ যোগাত্মক চিন্তাৰ ফচল।"

সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাসে সভাত অংশ লৈ কয়- "নাৰায়ণ দাস ছাৰৰ বিশাল ব্যক্তিত্বই সকলোকে সন্মোহিত কৰে । চাৰৰ চিন্তা-চেতনাই আমাৰ জীৱনত, সমাজ সংগঠনত অৰিহণা যোগায়।" সভাত অৱসৰী শিক্ষক যতীন কুমাৰ দাসো উপস্থিত আছিল।