অসম

বিশিষ্ট শিল্পী, অভিনেতা, ছবি নিৰ্মাতা, চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক তথা বিশ্বনাথৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক পদ্ম কৈৰীৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশিষ্ট শিল্পী, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক তথা বিশ্বনাথৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক পদ্ম কৈৰীৰ ৭০ বছৰ বয়সত মৃত্যু। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত কৈৰী গুৱাহাটীৰ ডাউন টাউন হস্পিতালত চিকিৎসাধীন হৈ আছিল। দেওবাৰে নিশা চিকিৎসাধীন অৱস্হাতে মৃত্যুক সাৱটি লয় পদ্ম কৈৰীয়ে।

চাহ জনগোষ্ঠীৰ এখন জনপ্ৰিয় চলচিত্ৰ বুধু অৰ্জুনৰ নিৰ্মাতা, পৰিচালক তথা অভিনয় কৰা পদ্ম কৈৰীয়ে ৰঙানদী, ৰতনলাল, মায়া, মা আদি চিনেমা নিৰ্মাণ কৰাৰ লগতে ইয়াৰে কেইবাখনো চলচিত্ৰত অভিনয় কৰিছিল। তদুপৰি একালৰ জনপ্ৰিয় ধাৰাবাহিক 'চিৰিজ' প্ৰযোজনা, পৰিচালনা কৰাৰ লগতে কেইবাটাও খণ্ডত অভিনয় কৰিছিল। আনহাতে ১৯৮৫ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰি বিশ্বনাথৰ বিধায়কো হৈছিল কৈৰী। মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ তথা এগৰাকী কন্যা সন্তান সংসাৰত এৰি থৈ যায়।