অসম

পদৰাম শইকীয়াৰ বিয়োগত শোক

asomiyapratidin

পদৰাম শইকীয়াৰ বিয়োগত শোক
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁও নিৱাসী পদৰাম শইকীয়াৰ বুধবাৰে পুৱা ৭.৩৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বিয়োগ হয়। ৭৫ বছৰীয়া শইকীয়া বিগত কিছুবছৰ ধৰি মধুমেহ আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অঞ্চলটোৰ এজন আদৰ্শবান শিক্ষক, মেধাসম্পন্ন, শান্ত প্ৰকৃতিৰ, সৰবৰহী পদৰাম শইকীয়া ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত ভোমোৰাগুৰি মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

এসময়ৰ সুঅভিনেতা, অৱসৰপ্ৰাপ্ত শিক্ষক শইকীয়াৰ বিয়োগত বিশিষ্ট চিকিৎসক ডাঃ মৃদুপৱন নাথ, সমাজকৰ্মী দিলীপ কুমাৰ বৰা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, কন্দৰ্প কুমাৰ কলিতাকে প্ৰমুখ্য কৰি বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত পদৰাম শইকীয়াই পত্নী, পুত্ৰ ৰনজিত শইকীয়া, বোৱাৰী, এগৰাকী জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।