অসম

পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাটত বনৰীয়া হাতীৰ তাণ্ডৱ ৷

asomiyapratidin

ডিজিটে সংবাদ,হামৰেণঃ যিমানেই বনাঞ্চল সংকুচিত হবলৈ ধৰিছে সিমানেই হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷পাহাৰীয় জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিগত কেইবা দিন ধৰি বন্যহস্তীৰ তাণ্ডৱ অব্যাহত থকাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় লোক ৷একেদৰে দিন দুপৰতে থেপেলাগুৰি অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাকে মুক্ত বিচৰণ কৰি থকাত আতংকিত কৰি তুলিছে গাওঁবাসীক৷

খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গৰ বগৰীঘাট গাওঁত নিশা হলেই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে বগৰীঘাটৰ এল পি স্কুলৰ শৌচালয় ভাঙি লণ্ডভণ্ড কৰাৰ লগতে নিশা গাওঁসমূহত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই যদিও অবশেষত গাওঁবাসীয়ে বনৰীয়া হাতীৰ জাকটোক খেৰণি সংৰক্ষিত বনাঞ্চলৰ অভিমুখে খেদি পঠিয়াবলৈ সক্ষম হয় ।

এনেদৰে এতিয়া পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত প্ৰতিনিশাই চলিব ধৰিছে বনৰীয়া হাতীৰ ইটোৰ পিছত সিটোকৈ অৱৰ্ণনীয় তাণ্ডৱ। হাতীৰ উপদ্ৰৱৰ বাবে সৰ্ৱস্বান্ত হোৱা দৰিদ্ৰ পৰিয়াল সমূহে মুৰে কপালে হাত দিব লগীয়া হোৱাৰ ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে বৃহত্তৰ খেৰণি অঞ্চলত।