অসম

পবিতৰাত ডব্লিউ ডব্লিউ এফৰ দ্বাৰা বন ৰক্ষীৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ…

asomiyapratidin

ডিজিটেল ডেস্ক, মায়ংঃ বিশ্ব গঁড় দিৱসৰ প্ৰাক ক্ষণত এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যত প্ৰকৃতি প্ৰেমী বেচৰকাৰী সংগঠন ডব্লিউ ডব্লিউ এফৰ উদ্যোগত সোমবাৰে অভয়াৰণ্যখনৰ কৰ্তব্যৰত বন ৰক্ষী সকলৰ মাজত অত্যাৱশ্যকীয় কিছু সামগ্রী বিতৰণ কৰা হয়। সোমবাৰে বিয়লিৰ ভাগত পবিতৰা বনাঞ্চলিক বিষয়াৰ কার্যলয়ৰ সন্মুখত ইউ এছ এ ৰ এফ, ডব্লিউ, এছ নামৰ এটা সংগঠনৰ আৰ্থিক সাহাৰ্য্য ৰে ডব্লিউ ডব্লিউ এফৰ কৰ্ম-কৰ্তা সকলে ২০ টা বন শিবিৰৰ বনৰক্ষীৰ মাজত বিতৰণ কৰে সৌৰ শক্তি যুক্ত ৩০ টা টৰ্চ লাইট,দূৰৰ বস্তু সহজতে মনিব পৰাকৈ ২২ টা বাইন'কোলাৰ,ক্ষিপ্ৰতাৰে দায়িত্ব পালন কৰিবলৈ ৪ খন মটৰ চাইকেল আৰু নিয়ন্ত্ৰণ কক্ষৰ বাবে কম্পিউটাৰ ছেট।

সোমবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ বন্য প্ৰাণী বিভাগৰ পি চি চি এফ ডঃ অমিত সাহায়।অনুষ্ঠান টো আঁত ধৰে
ডব্লিউ ডব্লিউ এফ ৰ বিষয় ববীয়া ডঃ প্ৰণৱ জ্যোতি বৰাই।সামগ্ৰী খিনি বিতৰণ কৰাৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভত বক্তব্য ৰাখে অমিত শৰ্মা ই।বন বিষয়া নয়নজ্যোতি দাসে সামগ্ৰী খিনি চমজি লয়।কাৰ্যসূচী ত উপস্থিত থাকে পবিতৰা ইক ট্যুৰিজিম দেভলেপমেণ্ট চচাইতি আৰু শিপা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয় ববীয়া সকল।