অসম

বতাহতো বিয়পিব পাৰে কোৰোনা ভাইৰাছঃ বিজ্ঞানীৰ দাবী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ সন্ত্ৰাসৰ মাজতে বিজ্ঞানীসকলে এই ভাইৰাছবিধক লৈ অব্যাহত ৰাখিছে পৰীক্ষা-নিৰীক্ষা। শেহতীয়া বিশ্বৰ ৩২খন দেশৰ ২৩৯গৰাকী বিজ্ঞানীয়ে কৰা এক গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। বিজ্ঞানীসকলে দাবী কৰিছে যে, কোৰোনা ভাইৰাছ বতাহৰ জৰিয়তেও বিভিন্নজনলৈ সংক্ৰমণ হ'ব পাৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছিল যে, কোৰোনা বতাহৰ যোগেদি বিয়পিব নোৱাৰে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ এই স্থিতিৰ সম্পূৰ্ণ বিপৰীত তথ্যৰ পোহৰলৈ অহাৰ কথা এই বিজ্ঞানীসকলে সদৰি কৰিছে।

বিজ্ঞানীসকলৰ মতে, কোৰোনা ভাইৰাছৰ অতি ক্ষুদ্ৰ কণিকা বতাহত এজনৰ পৰা আনএজন লোকৰ দেহলৈ সংক্ৰমণ হব পাৰে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত খবৰ অনুসৰি, এই বিজ্ঞানীসকলে বিশ্ব স্বাস্থ্য সংস্থালৈ পূৰ্বৰ এই মত সলনি কৰিবৰ বাবে আহ্বান জনাইছে। তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰিছে যে, তেওঁলোকৰ হাতত এই বিষয়ক লৈ পৰ্যাপ্ত প্ৰমাণ মজুত আছে।