অসম

ওৰাঙত শনিবাৰৰে পৰা ওৰাং প্ৰিমিয়াৰ লীগ আৰম্ভ

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ ক্ৰীড়া জগতৰ এক নতুন সংযোজন ওৰাঙৰ অ পি এল অৰ্থাৎ ওৰাং প্ৰিমিয়াৰ লীগ। জেনিথ্ ক্লাৱৰ উদ্যোগত বিগত বৰ্ষৰ দৰেই এইবাৰো কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ খেলপথাৰত ১৩ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ অনুষ্ঠিত হ'ব ওৰাং প্ৰিমিয়াৰ লীগ।

উল্লেখ্য যে, বিগত ৪ বছৰ ধৰি ওৰাঙৰ জেনিথ্ ক্লাৱে অনুষ্ঠিত কৰি আহিছে ওৰাং প্ৰিমিয়াৰ লীগ। নতুন খেলুৱৈ সকলৰ মাজত ক্ৰিকেট খেলৰ এখন মঞ্চ প্ৰদান কৰা আৰু খেলাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্য অনুষ্ঠিত হৈছে অ পি এল।

ওৰাং প্ৰিমিয়াৰ লীগৰ প্ৰথম পুৰস্কাৰ হৈছে ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা। শনিবাৰে ১১বজাত ওৰাং প্ৰিমিয়াৰ লীগৰ শুভ উদ্বোধন কৰে বি টি চিৰ কাৰ্য্যবাহী সদস্য আৰু জেনিথ্ ক্লাৱৰ সভাপতি অলিন্দ্ৰ কুমাৰ মোছাহাৰীয়ে।

এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰঞ্জি ট্ৰফি খেলুৱৈ ৰাজাকুদ্দিন আহমেদ, কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ধৃতিমাণ বৰুৱা, বিজয় শইকীয়া, ৰচি উদ্দিন শইকীয়া আৰু ওৰাং জেনিথ্ ক্লাৱৰ শতাধিক সদস্য।