অসম

ওৰাং আৰক্ষীৰ পৰিকল্পিত নাটকঃ ১৩ খন চোৰাং বাইকসহ আটক এজন..

asomiyapratidin

ডিজিটেল সংবাদ ওৰাং: ওৰাং আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। ১৩ খনকৈ চুৰি বাইক উদ্ধাৰৰ লগতে এজন বাইক চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষী। জানিব পৰা মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰিছে।

ওৰাং আৰু মাজবাট থানাৰ অন্তৰ্গত এলেকাত দীৰ্ঘ দিনৰ পৰা মটৰ চাইকেল চোৰ হোৱাৰ ঘটনা সংঘটিত হৈ আহিছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে মটৰ চাইকেল চোৰ আটক কৰিবলৈয়ে এজন লোকক সন্দেহযুক্ত বাইক চোৰৰ কাষলৈ পঠিয়াই। সেই বিশেষ ব্যক্তিজনৰ দ্বাৰা চোৰাং বাইক ক্ৰয় কৰাৰ নাটক ৰচনা কৰে। ইয়াৰ পাছতে মাজবাটৰ পৰা সন্দেহ যুক্ত বাইক চোৰটো চোৰাং বাইক বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাতে ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা বাইক চোৰটোৰ নাম মনোজ গুৰুং। মনোজ গুৰুঙৰ ঘৰ মাজবাট থানাৰ অন্তৰ্গত নমাটি গাৱঁত। বাইক চোৰৰ ঘটনা সন্দৰ্ভত ওৰাং থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আৰু ৪১১ নম্বৰ ধাৰাৰ অধীনত ১০০/২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে ওৰাং আৰক্ষীয়ে। উক্ত গোচৰৰ ভিত্তিতেই লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তিনিদিন ধৰি ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসে ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত অভিযান চলাই ১৩ খনকৈ চোৰাং মটৰ চাইকেল উদ্ধাৰ কৰে। আগন্তুক দিনত আৰু অধিক চোৰাং মটৰ চাইকেল উদ্ধাৰৰ আশা প্ৰকাশ কৰিছে ওৰাং আৰক্ষীয়ে।