অসম

বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ ওৰাং আৰক্ষীৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাঙঃ ওৰাঙত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে ওৰাং আৰক্ষীয়ে। অৰুণাচল বালিমুখৰ পৰা এ এচ ২৫ বিচি ২৬৩৫ নম্বৰৰ সুৰাভৰ্তি বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাই অৰুণাচলৰ বালিমুখৰ পৰা বৃহৎ পৰিমাণৰ সুৰাভৰ্তি বাহনখন ওৰাং- ৰুপা পথেৰে আহি থকাৰ গোপন তথ্য লাভ কৰিছিল।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে এই গোপন তথ্যৰ ভিত্তিতেই ওৰাং চাহ বাগিছাৰ গাওঁৰক্ষী বাহিনীৰ সদস্য মালতি তান্তী, বাব্লী নাগ আৰু অচিন মাহাতোৰ সহযোগত উক্ত সুৰাভৰ্তি বাহন খন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত সুৰাভৰ্তি বাহন খনত আছিল- মেগডুৱেল ১৪ হাজাৰ ৪০ টা বটল, ইম্পেৰিয়েল ব্লু ৭ শ ২০ টা, ৰয়েল ষ্টেইচক ৩৩৬ টা বটল উদ্ধাৰ কৰাৰ বিপৰীতে টিউবক বিয়েৰ ৪৮০ বটল অৰুণাচলী সুৰাৰ জব্দ কৰিবলৈ সক্ষম হয় ওৰাং আৰক্ষীয়ে।

সুৰাভৰ্তি বাহনখনৰ সৈতে আটক কৰা নুৰ হুচেইন আৰু ইচুব আহমেদক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ওৰাং আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি আজি আটকাধীন যুৱক দুজনক ওদালগুৰি জিলা ন্যায়িক জিম্মালৈ প্ৰেৰন কৰে।