Orang CORRUPTION
Orang CORRUPTION 
অসম

হিতাধিকাৰীক ভয়-ভাবুকি দি ধন সংগ্ৰহৰ প্ৰতিযোগিতাত নামিছে একাংশ নেতা-কৰ্মী...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাং : মুখ্যমন্ত্ৰীয়ে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, সিমানেই ভিচিডিচিৰ একাংশ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীয়ে দুখীয়া হিতাধিকাৰীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ প্ৰতিযোগিতাত নামি পৰিছে।

উৎকোচ তথা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানৰ বাবে অহা ধন উলিয়াই নিদিলে হিতাধিকাৰীক বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰে গৃহ নিৰ্মাণত বাধা প্ৰদান কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুলুগুৰী ভিচিডিচি আৰু যোগ্যপুৰ ভিচিডিচিৰ দালালৰূপী একাংশ নেতা-কৰ্মীয়ে দুখীয়াক কেঁকোৰা চেপা দি ব্যাপক অনিয়মেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

একাংশ দালালৰূপী ভিচিডিচিৰ প্ৰতিনিধিক যেন বিজেপি-ইউপিপিএল চৰকাৰে ধন ঘটাৰ লাইচেন্সহে প্ৰদান কৰিছে। বিটিচিৰ পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলুগুৰী ভিচিডিচি আৰু যোগ্যপুৰ ভিচিডিচিত ইউপিপিএল দলৰ কিষান লিম্বু আৰু কাজী লিম্বু নামৰ দালালৰূপী দলীয় কৰ্মীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

ভিচিডিচি দুটাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ঠিকাদাৰীৰাজ আৰম্ভ কৰিছে এই কেইগৰাকী দলীয় কৰ্মীয়ে। দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা PMAY-G গৃহ নিৰ্মাণৰ ঠিকা নিদিলে গৃহৰ পৰা বঞ্চিত কৰাৰ ভয়-ভাবুকি প্ৰদান কৰে কিষান লিম্বু আৰু কাজী লিম্বুয়ে। উপায়ন্তৰ হৈ দুখীয়া হিতাধিকাৰীয়ে একাউণ্টৰ পৰা ধন উলিয়াই দিয়ে যদিও ব্যাপক অনিয়মেৰে গৃহ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

অতি নিম্ন মানৰ ইটা-বালি-চিমেন্ট ব্যৱহাৰ কৰি গৃহ নিৰ্মাণৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালে। হিতাধিকাৰীয়ে টকা উলিয়াই নিদিলে ঘৰৰ কাম নহ'ব বুলি ভাবুকি প্ৰদান কৰে দালালৰূপী এই কেইগৰাকী দলীয় কৰ্মীয়ে। হিতাধিকাৰীৰ নামত আবণ্টিত হোৱা টকা হিতাধিকাৰীয়ে দিব লাগে দালালৰূপী দলীয় কৰ্মীক। এনেদৰেই এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ কাম চলিছে মাজবাট উন্নয়নত খণ্ডত।

দালাৰাজৰ বিৰুদ্ধে কঠোৰ হোৱা চৰকাৰৰ দিনতে কাৰ সাহসত দলালে চলাইছে এনে নীতি বহি ভূত কৰ্ম। একাংশ হিতাধিকাৰীৰ নিৰক্ষৰতাৰ সুযোগ গ্ৰহণ কৰি দালালে নামিছে ধন সংগ্ৰহৰ অভিযানত। সকলোবোৰ দেখিও নেদেখাৰ ভাও মাজবাট উন্নয়ন খণ্ডৰ অভিযন্তা সকলৰ।