অসম

কেনেকৈ মৃত্যু হ’ল ‘কৃষ্ণ’ৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যাণত কেনেকৈ মৃত্যু হৈছিল কৃষ্ণৰ। এই লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে প্ৰকাশ পাইছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্য। কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তদন্তত হাতীটোৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিবলৈ দিছে এপিচিচিএফৰ বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা কৃষ্ণক দেওবাৰে আবেলি ওৰাং ৰাষ্ট্ৰীয় উদ্যাণৰ ভিতৰত হাতী প্ৰশিক্ষণ কেন্দ্ৰৰ কাষতে সমাধিস্থ কৰা হয়। চিকিৎসকৰ দলে কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰে আবেলি চাৰি বজাত।

কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তদন্তত হাতীটোৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিবলৈ দিয়ে এপিচিচিএফৰ বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱে। হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ চিকিৎসকৰ দলেহে বিতংকৈ কব পাৰিব বুলিও কয়।

হাতীটোৰ মৰণোত্তৰ পৰীক্ষা আৰু মৃতদেহৰ দৃশ্য সাধাৰণ ৰাইজক চাবলৈ দিবলৈ বেয়া লগা আৰু দুখ লগাৰ বাবেই হাতীটোৰ মৃত্যুৰ পিছত সংবাদ মাধ্যমৰ লোকক ৰাষ্ট্ৰীয় উদ্যাণৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কথা প্ৰকাশ কৰে বিষয়াজনে।

লগতে কৃষ্ণৰ মৃত্যুত বন বিভাগৰ লোকে মৰ্মাহত হোৱা বুলি জানিবলৈ দিয়ে। ‍এপিচিচিএফৰ বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱকো দেওবাৰে কৃষ্ণৰ মৃত্যুত যথেষ্ট আবেগিক হোৱা দেখিবলৈ পোৱা গ'ল।