অসম

শোণিতপুৰৰ বৰছলাত নিশা বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মিভূত

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ শোণিতপুৰ জিলাৰ বৰছলা চেন্টাৰত সোমবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত বৰছলা চেন্টাৰৰ ছয় খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মিভূত হয়।প্ৰথমে এখন গেলামালৰ দোকানৰ পৰা জুইৰ সুত্ৰপাত হৈ পিছত ইয়াৰ গাতে লাগি থকা দোকান সমূহলৈ জুই বিয়পি পৰাত ছয় খনকৈ দোকানত জুই সম্পসাৰিত হৈ জ্বলি ভস্মিভূত হোৱাত বিস্তৰ ক্ষতি সাধন হয়৷

অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষ্যাধিক টকাৰ ক্ষতি সাধন হয়৷ জুই লগা খৱৰ পাই বৰছলাৰ স্থানীয় লোক সকলে জুই নুমোৱাৰ চেষ্টাৰ কৰাৰ লগতে দোকান সমূহত মজুত কৰি ৰখা চিলিণ্ডাৰ সমূহ আতৰ কৰাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু আৱাসিক এলেকা৷ পিছত ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

অগ্নিকাণ্ডৰ কাৰণ স্বৰ্ট চাৰ্কিট নে অন্য কিবা কাৰণ, সেই কথা জানিব পৰা হোৱা নাই৷ কিন্তু একাংশই অবৈধ ভাবে চিলিণ্ডাৰ, পেট্ৰল আদি মজুত ৰখাৰ অভিযোগ উত্থাপিত হৈছে। অবৈধ চিলিণ্ডাৰ, পেট্ৰল আদি মজুত ৰখা বন্ধ কৰিবলৈ দাবী জনাই স্থানীয় লোক সকলে৷

দোকানীৰ অসাৱধানতাৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷ স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৱাসিক এলেকাটো৷ জুই নুমুৱাবলৈ গৈ আহত হয় এজন লোক।