অসম

৪১ চিএছকে ৰাজ্যিক পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত ওৰাঙৰ ২ ভগ্নীৰ স্বৰ্ণ জয়

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ কটন বিশ্ববিদ্যালয়ৰ ইণ্ড'ৰ ষ্টেডিয়ামত ২৯ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ৪১ চি এছ কে ৰাজ্যিক পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত ওৰাঙৰ দুই ভগ্নীয়ে স্বৰ্ণ পদক জয় কৰি অঞ্চলটোৰ লগতে ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ৩৭ কেজিৰ শাখাত চুমন দেৱী আৰু ৩৯ কেজিৰ শাখাত নেহা পৌড়েলে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়৷

ওৰাঙৰ ইউৰেকা ইংৰাজী স্কুলৰ পঞ্চম আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী দুয়োগৰাকী ভগ্নী। উল্লেখযোগ্য যে, ওৰাং চাৰিআলিৰ চাহ হোটেল ব্যৱসায়ী তথা হাবিগাওঁ নিবাসী গোবিন্দ পৌড়েল আৰু শান্তি দেৱীৰ কন্যা দুয়োগৰাকী।

দুই‌ স্বৰ্ণ পদক প্ৰাপ্ত ভগ্নীয়ে বৰ্তমান প্ৰশিক্ষক নাৰায়ণ শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ দুই ভগ্নীৰ এই সফলতাক সকলোৱে প্ৰশংসা কৰিছে। স্বৰ্ণ পদক প্ৰাপ্ত দুই ভগ্নীৰ সপোন ভবিষ্যতে অলিম্পিক খেলাৰ।