অসম

খাটনিয়াপাৰ গাওঁ পঞ্চায়তৰ বিৰুদ্ধে একাংশ সুযোগ সন্ধানী লোক, আচনিৰ বিৰুদ্ধে অভিযোগেৰে কাম বন্ধৰ চেষ্টা…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈ : দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটনিয়াপাৰা গাওঁ পঞ্চায়তৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত হীৰা পাৰা এম ভি স্কুলৰ চাৰি বেৰ নিৰ্মাণ হোৱাৰ পিছতো আজিলৈকে নিৰ্মাণ সমিতিখনে ধন পাবলৈ সক্ষম নহল৷ উল্লেখ্য যে দৰং জিলাৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ খাটনিয়াপাৰা গাওঁ পঞ্চায়তৰ হীৰাপাৰ এম ভি স্কুলৰ জহিখহি যোৱা চাৰিবেৰৰ নিৰ্মাণৰ বাবে পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীৰ মহানুভৱতাত আৰু হীৰাপাৰা এম ভি স্কুলৰ প্ৰধান শিক্ষকৰ আৱেদনৰ ভিত্তিত গাওঁ পঞ্চায়তৰ ১ জুন ২০২০ তাৰিখৰ গাওঁ সভাৰ সিদ্ধান্তমৰ্মে ২০১৯-২০২০ বৰ্ষৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ ৬ লাখ ৩০ লাখ টকাৰ আচনি অন্তভূক্ত হয়৷ ২০০২-২০০৩ চনতে নিৰ্মাণ কৰা চাৰিবেৰ জহিখহি যোৱাত বিভাগীয় অভিযন্তাৰ ডেমেজ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এই আচনিখন অন্তভূক্ত কৰি নতুনকৈ নিৰ্মাণ কৰা হয়৷

ইতিমধ্যে এই আচনিৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে যদিও যাৱতীয় নথিপত্ৰ থকাৰ পিছতো এচাম সুযোগ সন্ধাানী লোকে বিভিন্ন ফালৰ পৰা হাৰাশাস্তি কৰি মকৰ্দ্দমা কৰাৰ পৰিপেক্ষিতত আচনিৰ ধন নিৰ্মাণ সমিতিয়ে এতিয়ালৈকে কোনোধৰনৰ আচনিখনৰ নামত আৱন্তিত ধন বিভাগৰ পৰা মোকলাবলৈ সক্ষম হোৱা নাই৷ নিৰ্মাণ সমিতিত থকা ব্যক্তি সকলে নিজা ধনেৰে চাৰিবেৰ নিৰ্মাণৰ কাম প্ৰায় শেষ কৰিলে যদিও এতিয়ালৈকে এটকাও নোপোৱাত তেওঁলোক আৰ্থিক ভাবে জুৰুলা হৈ পৰিছে৷ ইতিমধ্যে গাওঁ পঞ্চায়তৰ অভিযন্তা সভাপতিয়ে সচিবে এই ধন মোকলাই দিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও আচনি ৰূপায়ণৰ নামত চৰকাৰী ধন অপচয় কৰা বুলি একাংশ সুযোগ সন্ধানী লোকে বাৰে বাৰে চৰকাৰী বিভিন্ন বিষয়াক মনেসজা অভিযোগ কৰি অহাৰ পৰিপেক্ষিতত আচনিটোৰ নামত খৰচ হোৱা প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ পৰিছে নিৰ্মাণ সমিতিখন৷

ইতিমধ্যে এই সংক্ৰান্তন বিভাগীয় কৰ্তৃপক্ষই বাৰে বাৰে তদন্ত কৰি আচনিখন ৰূপায়ণৰ নামত কোনো ধৰনৰ ভুল নাই বুলি স্পষ্টীকৰন কৰন দিয়ে যদিও সেই সুযোগ সন্ধানী লোক সকলে ধন খিনি পোৱাৰ ক্ষেত্ৰত বিধি দি অহা বুলি গাওঁ পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে আৰু সচিবে সাংবাদিকক জানিবলৈ দিয়ে৷