অসম

সাৱধানঃ বেংকত নিযুক্তিৰ ভুৱা বিজ্ঞাপনত ভোল নাযাব, শিলচৰত গ্ৰেপ্তাৰ প্ৰৱঞ্চক…

asomiyapratidin

ডিজিটেল সংবাদ,শিলচৰঃ চেন্ত্ৰেল বেংক অৱ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি বৃহস্পতিবাৰে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়তে এজন প্ৰৱঞ্চকক হাতে লোটে ধৰা পেলায় একাংশ চাকৰিপ্ৰাৰ্থীয়ে ৷ শিলচৰৰ 'গেট ৱে হোটেল'ত সাক্ষাৎকাৰৰ লোৱা সময়তে আৰক্ষীক গতাই দিয়া হয় প্ৰৱঞ্চক জনক ৷

ৰাজা দাস

যোৱা ২৭ জুলাইত অনলাইন জৰিয়তে OLX আৰু NAKARI.COM ৱেভ চাইটত দুটাত চেন্ত্ৰেল বেংক অফ ইণ্ডিয়াৰ কেবাটাও খালী হোৱা পদত চাকৰিৰ বাবে বিজ্ঞাপন লাভ লাভ কৰে বৰাকৰ এই সকল শিক্ষিত নিবনুৱা যুৱকে ৷ সেই বিজ্ঞাপনত দিয়া এটা মোবাইল ফোন নম্বৰত যোগাযোগ কৰে নিবনুৱা যুৱক সকলে ৷

ফোনত চাকৰি প্ৰাৰ্থী সকলক বৃহস্পতিবাৰে শিলচৰৰ গেট ৱে হোটেলত উপস্হিত হবলৈ অনুৰোধ কৰে ৰাজা দাস নামৰ কৰিমগঞ্জৰ প্ৰৱঞ্চক জনে ৷ সেই মতে, ১৮ জন যুৱক যুৱতী উপস্থিত হয় হোটেল গেট ৱেত ৷

হোটেলৰ এটা কোঠাৰ বিচনাত চাকৰিৰ আবেদন গ্ৰহণ আৰু সাক্ষাৎকাৰ লোৱাৰ ধৰণ কৰন দেখি সন্দেহ হয় চাকৰি প্ৰাৰ্থী সকলৰ ৷ পিচত লগে লগে, শিলচৰৰ স্হানীয় চেন্ত্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰ্যলয়ত গৈ বিজ্ঞাপন সন্দৰ্ভত খা খবৰ লোৱাৰ পিচতে উৰহীৰ ইৰ ওলাই পৰে ৷ লগে লগে শিলচৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰৱঞ্চক ৰাজা দাসক আটক কৰে ৷ ইফালে, বেংকৰ ভুৱা বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলি স্বীকাৰ কৰে প্ৰৱঞ্চক ৰাজা দাসে ।