অসম

ঘৰতে বহি লাভ কৰক ড্ৰাইভিং লাইচেঞ্চঃ জানক সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ড্ৰাইভিং লাইচেঞ্চৰ বাবে আপুনি যাব নালাগে ডি টি অ' কাৰ্যালয়লৈ। ঘৰতেই বহি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ। পৰিবহন বিভাগে উন্মোচন কৰিলে অনলাইন ড্ৰাইভিং লাইচেঞ্চ সেৱা।পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেৱা মুকলি কৰিলে পৰিবহণ বিভাগে।

এই সেৱা উন্মোচনৰ ফলত ঘৰত বহিয়েই এতিয়াৰ পৰা লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, এই সেৱাই সকলোকে উপকৃত কৰিব। আনহাতে অনলাইন লাৰ্নাৰ লাইচেঞ্চৰ সেৱা মুকলি কৰাৰ পিছতে বিগত ২ মাহত প্ৰায় ১ লাখ ৩৫ হাজাৰ লাৰ্নাৰ লইচেঞ্চ মুকলি কৰি দিছে।

উল্লেখ্য যে পৰিবহণ বিভাগৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে যি কোনো প্ৰান্তৰ পৰা লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ পূৰ্বৰ দৰে ডি টি অ' কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ'ব।