অসম

দিহিং পাটকাইক লৈ এজন ছাত্ৰৰ অভিনৱ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ দিহিং পাটকাইক লৈ ৰাজ্যৰ সৰ্বস্তৰত অব্যাহত আছে ভিন ভিন ধৰণৰ প্ৰতিবাদ। কোনোবাই যদি ৰাজপথত, আন কোনোবাই ছ'চিয়েল মেডিয়াযোগে অব্যাহত ৰাখিছে নিজা নিজা প্ৰতিবাদ। যদিও পৰিবেশ পৰিস্থিতি যথেষ্ট উদ্বেগজনক তাৰ মাজত সম্ভবপৰ সকলো সাবধানতা লৈ কৰা প্ৰতিবাদৰ মূল উদ্দেশ্য এটাই যিকোনো কাৰনতেই দিহিং পাটকাইক কয়লা খননৰ থলীলৈ পৰ্যবসিত হ'বলৈ দিয়া নহ'ব।

উজনি অসমৰে এজন পলিটেকনিকৰ ছাত্ৰৰো অভিনৱ প্ৰতিবাদো শেহতীয়াকৈ চৰ্চিত বিষয় হৈ পৰিছে।আকাশ জ্যোতি শৰ্মা নামৰ এই ছাত্ৰ জনে নিজৰ মুখমণ্ডলত নিজেই অংকন কৰা দুখন ভিন ভিন ছবিয়ে স্পৰ্শ কৰি গৈছে সকলোকে। নিজৰ কোঠাৰ ভিতৰতে কৰা কিমান নিৰব প্ৰতিবাদ অথচ কিমান শক্তিশালী সেয়া ছাত্ৰজনৰ অংকণতেই প্ৰতিফলিত হৈছে।