অসম

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১) বিভিন্ন সমস্যাক লৈ আজি দেশ জুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে। ইয়াৰ মাজতে আটক হয় ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু আন কৰ্মী।

২) কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে মূল্যবৃদ্ধি অজুহাত, ক'লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে।

৩) বঙাইগাঁও শোধনাগাৰে বৰপেটা জিলালৈ আগবঢ়ালে ২ খন এম্বুলেন্স আৰু স্বাস্থ্য সেৱাৰ সঁজুলি।

৪) কামৰূপ(মহানগৰ)ৰ অন্তৰ্গত ক্ষেত্রীৰ উলুবামত শোকাৱহ ঘটনা।ৰে'লৰ খুন্দাত নিহত পতি-পত্নী।নিহতদ্বয় ৰাজৱী পাহাৰীয়া ওৰফে টেটুন, চন্দ্রমা চেত্রী।

৫) শুকুৰবাৰে আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত হয় আলাবৈ ৰণ স্মৃতি দিৱস। 

৬)  নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰশাসনৰ বাধা ৷ শুকুৰবাৰে দুপৰ ভাগত নগাঁও জিলা কংগ্ৰেছে বাহিৰ কৰা প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে ৷ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদতে প্ৰতিবাদকাৰীক আবদ্ধ কৰি ৰখা হয় ৷

৭) ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওদালগুৰি নেপালী গাঁৱৰ ইদুব আলি (৩৬) নামৰ মুকবধিৰ লোকজন যোৱা ৩১ জুলাই, দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে।‌ ইফালে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত আন এগৰাকী লোক যোৱা মঙ্গলবাৰ, ২ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনৰ নাম ৰাজু বড়ো (৪২)।

৮)অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত গোলাঘাট নগৰত ঘৰে ঘৰে পাইপযোগে গেছ যোগান ধৰা আঁচনিৰ শুভাৰম্ভ কৰে।

৯) পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক অসীম সৰকাৰে শুকুৰবাৰে দাবী কৰে যে নাগৰিকত্ব সংশোধনী আইন (কা) ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। 

১০)জামিন মঞ্জুৰ হ'ল কাৰাৰুদ্ধ প্ৰণীতা চুতীয়াৰ। বিগত ডেৰমাহে কাৰাবন্দী হৈ আছিল উশ্বু খেলুৱৈগৰাকী। চৰাইদেউৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে প্ৰণীতাৰ জামিন। ফেচবুকত আলফা স্বাধীনক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল প্ৰণীতা।

১১) অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে যোৰহাট দৃষ্টিহীন বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছত শুকুৰবাৰে পুৱা পুনৰ বিদ্যালয়খনত গৈ উপস্থিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰতিশ্ৰুতি দিয়া অনুসৰি বিভিন্ন বাদ্যযন্ত্ৰ আৰু আন সামগ্ৰী প্ৰদান কৰে ।

১২)বিহাৰত সংঘটিত হৈছে ভয়কৰ ঘটনা। সুৰাপান কৰি দৃষ্টিশক্তি হেৰুৱালে বিহাৰৰ ২৫জন লোকে। আনহাতে, মৃত্যু মুখত পৰে ৯ জনকৈ লোক। 

১৩)বিভিন্ন কাৰকৰ বাবে বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে ওলাই নহা কণ কণ ছাত্র-ছাত্ৰীক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত শুকুৰবাৰে এক সজাগতামূলক শৈক্ষিক শোভাযাত্ৰা বাহিৰ কৰা হয়।

১৪) কাকপথাৰ ন-মাইঠং অংগনবাড়ী কেন্দ্রত অঘটন।গাখীৰ বুলি ফেনাইল খুৱালে শিক্ষাৰ্থীক।১০গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অসুস্থ।

১৫) নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে নগাঁও জিলা পুথিভঁড়ালত লোক কল্যাণ দিৱস উদযাপন কৰা হয় ৷ নগাঁৱত ৫ কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

১৬) বেসুৰা গান গাই মানুহক মানসিক অশান্তি দিয়াৰ বাবেই বাংলাদেশ আৰক্ষীয়ে আটক কৰিছে হিৰ' আলমক। 

১৭)লাহৰীঘাট আৰু মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতা। উদ্ধাৰ কৰিছে ১৪ খনকৈ চুৰি বাইক। আনহাতে গ্ৰেপ্তাৰ কৰিছে ৫ টা চোৰক। 

১৮) ৭০ টা বছৰৰ কষ্টোপাৰ্জিত গণতন্ত্ৰক ৮ বছৰত ধ্বংস কৰা হৈছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। 

১৯) চাহিদাৰ অভিলেখ ৰাষ্ট্ৰীয় পতাকাৰ, দিল্লীৰ বজাৰত ১০ হাজাৰ পৰ্যন্ত পতাকাৰ অৰ্ডাৰ গ্ৰাহকৰ।

২০)  বৃহস্পতিবাৰে নিশা গোলাঘাটৰ কাবৰু গাঁৱত এটা পুখুৰীত গা ধুবলৈ গৈ দুই ভগ্নীৰ সলিল সমাধি ঘটাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

২১)দৰঙত জাপানিজ এনকেফেলাইটিজে লৈছে ভয়ংকৰ ৰূপ। বৰ্তমান পৰ্যন্ত ৭জনৰ মৃত্যু।

২২)ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। ৮৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকাই দেশৰ বিভিন্ন স্তানত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছিল।

২৩) এক ভয়াবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৫ জন লোকৰ। আনহাতে এই দুৰ্ঘটনাত আহত হৈছে ১১ জনকৈ লোক। ভয়াবহ এই পথ দুৰ্ঘটনা সংঘটিত হৈছে শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত।

২৪) কংগ্রেছৰ পৰা পদত্যাগ ডেনিয়েল লাংথাছাৰ । ডিমা হাছাও জিলা কংগ্রেছৰ সদস্য আছিল লাংথাছা ।

২৫) বিহালীৰ উত্তৰ মিজিকাজানত হত্যাকাণ্ড । স্বামীৰ হাতত প্রাণ গ'ল এগৰাকী মহিলাৰ। মৰিয়াই মৰিয়াই হত্যা কৰে অঞ্জলি তাঁতী নামৰ মহিলা গৰাকীক।